NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব বিধেয়ক, উত্তৰ-পূবে গুৰুত্ব পোৱাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ April 2, 2019 12:23 pm
maxresdefault-750x375

সপ্তদশ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ প্ৰতি লক্ষ্য ৰাখি আজি কংগ্ৰেছ দলে ৰাইজৰ বাবে মুকলি কৰিব নিৰ্বাচনী ইস্তাহাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে উত্তৰ-পূবৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনিৰে এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে।

‘বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগটো ইস্তাহাৰত উল্লেখ কৰা হৈছে। যেতিয়াই এই বিধেয়কখন সংসদত উত্থাপন হৈছিল সেই দিনটোৰ পৰাই আমি ইয়াৰ বিৰুদ্ধাচৰণ কৰি আহিছো’। ইস্তাহাৰ প্ৰস্তুত কৰা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই এইদৰে মন্তব্য কৰে।

আজি কংগ্ৰেছ দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী, বৰ্তমানৰ অধ্যক্ষ ৰাহুল গান্ধী, সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ লগতে আন আন শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীৰ উপস্থিতিত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিব।

আনহাতে দলটোৱে উত্তৰ-পূবৰ ৰাজ্য কেইখনক বিশেষ বিত্তীয় পেকেজ দিয়াৰ কথাও এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰৰ জৰিয়তে ঘোষণা কৰিব পাৰে।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰত দেশৰ অৰ্থ ব্যৱস্থা, ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাবে পৰিচিত জম্মু-কাশ্মীৰৰ পৰিস্থিতি আদিৰ লগতে বিভিন্ন বিষয় সামৰি লোৱা হৈছে।

কংগ্ৰেছে লোকসভা নিৰ্বাচনলৈ প্ৰস্তুত কৰি উলিওৱা ইস্তাহাৰত ভাৰত-পাকিস্তানৰ আলোচনাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও বিশেষ স্থান পাব বুলি এজন কংগ্ৰেছ নেতাই জানিবলৈ দিয়ে।