NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ নিৰ্বাচনী যুঁজ : বিজেপিৰ হাই প্ৰফাইল নেতাৰ বিপৰীতে তৃণমূল কৰ্মীয়ে ভৰসা কংগ্ৰেছৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 2, 2019 12:48 pm
2019-04-02_11.28.07

আকৰ্ষণীয় যুঁজ হ’ব বুলি ধাৰণা কৰা যোৰহাট লোকসভা সমষ্টিত এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযাত তুংগত। আঠ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা যোৰহাট লোকসভা সমষ্টিত মূল যুঁজ বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হ’ব। যোৰহাট লোকসভা সমষ্টিৰ ৬ টা বিধানসভা সমষ্টি বিজেপি আৰু মিত্ৰজোঁট অগপৰ দখলত থকাৰ বিপৰীতে কংগ্ৰেছৰ দখলত আছে ৪টা বিধান সভা সমষ্টি।

চৰাইদেউৰ ২টা, শিৱসাগৰৰ  ৪টা আৰু যোৰহাটৰ ৪টা বিধান সভা সমষ্টিক লৈ গঠিত যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত বিজেপিৰ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছৰ সুশান্ত বৰগোহাঁইয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানত জপিয়াই পৰিছে।

বিজেপিৰ হৈ প্ৰচাৰ অভিযানত বহু হাইপ্ৰফাইল নেতাৰ আগমন ঘটিছে সমষ্টিটোলৈ। তপন কুমাৰ গগৈৰ হৈ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে ২৮ মাৰ্চত টিয়কত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰাৰ লগতে ৩০ মাৰ্চত মৰাণত দেশৰ প্ৰধান মন্ত্ৰীয়ে নিৰ্বাচনী সভাত অংশ লৈ তপন কুমাৰ গগৈক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।

তদুপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতি,মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰী, যোগেন মহন, প্ৰদীপ হাজৰিকা, ৰেণুপমা ৰাজখোৱাই নিজ নিজ সমষ্টিত ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে।

আনহাতে, বিজেপিৰ হাইপ্ৰফাইল নেতাৰ নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছৰ কোনো এগৰাকী ৰাষ্ট্ৰীয় কিম্বা ৰাজ্যিক পৰ্যায়ৰ নেতাই সমষ্টিটোত প্ৰচাৰ চলোৱা নাই। প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈসহ ১০ টা বিধান সভাৰ সমষ্টিৰ বিধায়ক তথা তথা নেতাক লৈয়ে প্ৰচাৰ চলাইছে সুশান্ত বৰগোহাঁইয়ে।

কংগ্ৰেছ প্ৰাৰ্থীজনৰ লগত ৰূপজ্যোতি কুৰ্মী, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, শৰৎ বৰকটকী,  অংকিতা দত্ত, যুৱ নেতা প্ৰমীৰ গগৈ, সুভ্ৰমিত্ৰ গগৈ, সুৰুজ দিহিঙ্গীয়া আদিকে ধৰি যুৱ কংগ্ৰেছী সকলো নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযানত। সুশান্ত বৰগোহাঁইয়ে ইতিমধ্যেই সাংবাদিকৰ আগত তেখেতৰ ষ্টাৰ কেম্পেইনাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল বুলি উল্লেখ কৰিছিল।

ইপিনে, সাংগঠনিক শক্তিৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ বিজেপি যথেষ্ট শক্তিশালী। চহৰৰ পৰা গাঁৱলৈ বিজেপি সাংগঠনিকভাৱে সংঘবদ্ধ হৈ আছে। কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ নেতাৰ উদাসীনতা তথা দায়িত্বহীনতাৰ বাবে সাংগঠনিক দিশ এক প্ৰকাৰ চেদেলি ভেদেলি হৈ আছে।

অৱশ্যে, কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে বিগত কেইমাহ মান ধৰি প্ৰচেষ্টা অৱ্যাহত ৰাখিছিল যদিও বাকী বিধায়ক তথা ৰাজ্যিক পৰ্যায়ৰ নেতা সকলে এই ক্ষেত্ৰত নিৰব ভূমিকা পালন কৰি আহিছে।

ইতিমধ্যে দুয়োগৰাকী যুৱ প্ৰাৰ্থীয়ে সমষ্টিটোত ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। তদুপৰি, দুয়োগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ  নিৰ্বাচনী গীত ৰচনা কৰি ভোটাকৰ আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে। আনকি, দুয়োগৰাকী প্ৰাৰ্থীয়ে সামাজিক মাধ্যম ফেচবুকতো প্ৰচাৰ চলাইছে ।

অৱশ্যে, যোৰহাট লোকসভা সমষ্টিত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে ভোটাৰ ৰাইজ অহা ২৩ মে’ লৈ অপেক্ষা কৰিব লাগিব।