NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছত অব্যাহত খহনীয়া : এল ডি পিত যোগদান কংগ্ৰেছ নেত্ৰী চিন্ময়ী বৰদলৈৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 2, 2019 1:19 pm
Chinmoyee Bardoloi

লোকসভা নির্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আভ্যন্তৰীণ কন্দলে তীব্ৰ ৰূপ ধাৰণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত। ১ এপ্ৰিলত প্ৰদেশ কংগ্ৰেছৰ  প্ৰাক্তন সম্পাদক বিভূতি ভূষণ বৰঠাকুৰে দল ত্যাগ কৰাৰ ঠিক এদিন পাছত অৰ্থাৎ আজি  কংগ্ৰেছ নেত্ৰী চিন্ময়ী বৰদলৈয়ে দল ত্যাগ কৰি লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি (এল ডি পি)ত আনুষ্ঠানিকভাৱে যোগদান কৰে।

আজি দিচপুৰ প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিক ভাৱে এল ডি পিত যোগদান কৰে বৰদলৈয়ে। দলৰ মজিয়ালৈ বৰদলৈকে আদৰণি জনায় এল ডি পিৰ সভাপতি গুণ গগৈয়ে।

বৰদলৈয়ে যোগদান কৰি কয় “এল ডি পিৰ আদৰ্শই মোক অনুপ্ৰাণিত কৰিলে। মই ভাবো এল ডি পি মনৰ ভাব প্ৰকাশৰ বাবে অন্যতম মঞ্চ। কংগ্ৰেছত সেইখন মঞ্চ নাছিল, মনৰ কথা খুলি ক’ব পৰা নাছিলো। কংগ্ৰেছত হাই কামাণ্ডে কথা কোৱাৰ বাবে সুযোগ নিদিয়ে। দুটা প্ৰজন্মৰ বাবে সাঁকো হৈ থিয় দিব বিচাৰো। বৰ অসম গঢ়িব লাগিব সকলোৱে মিলি।”

উল্লেখ্য যে ১৬ বছৰ ধৰি কংগ্ৰেছ দলৰ সৈতে জড়িত থকা চিন্ময়ী বৰদলৈয়ে ২০০৩ চনত কংগ্ৰেছত যোগদান কৰিছিল। যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদতো আছিল বৰদলৈ।

LDP
ফটো : নৰ্থ-ইষ্ট নাও

ইয়াৰ উপৰি ২০২১ত বিধানসভা নিৰ্বাচনত এল ডি পিৰ টিকটত পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে নেত্ৰী গৰাকীয়ে।

তেওঁ আৰু কয় “ৰাষ্ট্ৰীয় দলৰ প্ৰতি মোৰ আস্থা নাইকিয়া হৈ গৈছে। খিলঞ্জীয়া লোকৰ সমস্যাৰ ওপৰত ৰাষ্ট্ৰীয় দলে গুৰুত্ব নিদিয়ে।”

ইপিনে সভাপতি গুণ গগৈয়ে বৰদলৈৰ ওপৰত আস্থা ৰাখি কয় যে তেখেতৰ অভিজ্ঞতাই নতুন আৰু পুৰণা প্ৰজন্মৰ সংমিশ্ৰনে দলটোক আগুৱাই নিব।

উল্লেখযোগ্য যে, পেছাত বৰদলৈ উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু এগৰাকী গায়িকা।