NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী কৰ্তব্যত অৱহেলা : ৭১ বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী

Posted by: এন ই নাও নিউজ April 4, 2019 6:25 pm
Kamrup-M-deputy-commissioner-office-570x320

আগন্তুক লোকসভা নির্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত প্ৰিজাইডিং বিষয়া হিচাপে নিযুক্তি দিয়া ৭১ গৰাকী বিষয়াক নিৰ্বাচনী কৰ্তব্যত অৱহেলা কৰাৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।

জনপ্ৰতিনিধিত্ব আইন ১৯৫১ৰ অধীনত কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বিষয়াকেইজনক বৃহস্পতিবাৰে এই কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

জানিব পৰা মতে, উক্ত বিষয়াসকলে কোনো কাৰণ নজনোৱাকৈ প্ৰিজাইডিং বিষয়াসকলৰ বাবে জিলা প্ৰশাসনে অনুষ্ঠিত কৰা প্ৰশিক্ষণত উপস্থিত নাছিল।

আনহাতে, বিষয়াসকলক তেওঁলোকৰ অনুপস্থিতিৰ কাৰণ দুদিনৰ ভিতৰত লিখিতভাৱে জিলা নিৰ্বাচনী বিষয়াক জনাবলৈ নিৰ্দেশ দিয়া হৈছে। অন্যথা তেওঁলোকৰ বিৰুদ্ধে জনপ্ৰতিনিধিত্ব আইনৰ অধীনত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জাননীত স্পষ্ট কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত নিৰ্বাচনটো সুকলমে চলাই নিয়াৰ লক্ষ্যৰে নিৰ্বাচনী দায়িত্বৰ বাবে নিয়োজিত বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ বাবে নিৰ্বাচনী বিভাগে প্ৰশিক্ষণ কাৰ্যসূচীৰ অনুষ্ঠিত কৰে।