NORTHEAST NOW (Assamese)
Popular Stories

উজনি অসমত টেংকাৰ আক্ৰমণৰ ঘটনাটোৱে দিছে উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰ মাজত সমীকৰণ সলনিৰ ইংগিত

Posted by: সুবিৰ ভৌমিক January 18, 2018 7:53 pm
প্ৰতিনিধিত্বমূলক ছবি

উজনি অসমত খাৰুৱা তেল পৰিবাহী ৭ খন টেংকাৰ জ্বলাই দিয়া ঘটনাটোৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী গোটসমূহৰ মাজৰ সমীকৰণত এক পৰিৱৰ্তনৰ ইংগিত দিছে।

এই হিংসাত্মক ঘটনাটো আলফা আৰু এন এচ চি এন (ইছাক-মুইভা)ই যুটীয়াভাৱে সংঘটিত কৰা বুলি ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে এতিয়া নিশ্চিত কৰিছে।

অথচ আলফা যোৱা বছৰ মৃত্যু হোৱা এন এচ চি এন খাপলাঙৰ বাৰ্মিজ নেতা এচ এচ খাপলাঙে যোৱা বছৰ গঠন কৰা য়ুনাইটেড নেশ্বনেল লিবাৰেশ্বন ফ্ৰণ্ট অৱ ৱেষ্ট ছাউথ ইষ্ট এছিয়া নামৰ বিদ্ৰোহী জোঁটটোৰহে সদস্য।

আলফাই তেন্তে কিয় বাট বদলাইছে আৰু ভাৰতৰ সৈতে আলোচনা চলাই থকা খাপ্লাঙৰ প্ৰতিদ্বন্দ্বী মুইভাৰ সৈতে লগ হৈছে বা মুইভাইনো কিয় ভাৰতীয় সম্পদৰ ওপৰত আক্ৰমণ কৰিবলৈ তেওঁৰ গেৰিলাসকলক নিৰ্দেশ দিছে?

ভাৰত চৰকাৰৰ লগত এখন ‘ফ্ৰে’ইমৱৰ্ক এগ্ৰীমেণ্ট’ স্বাক্ষৰ কৰা দুবছৰ পাৰ হৈ গ’ল যদিও মোদী চৰকাৰৰ লগত এখন চূড়ান্ত চুক্তি স্বাক্ষৰ কৰিব নোৱাৰি মুইভা বিৰাট হতাশ হৈছে।

মুইভাই দাবী কৰিছিল যে নাগাসকলক এখন পৃথক পতাকা, এক পৃথক মুদ্ৰা আৰু সাৰ্বভৌমত্বৰ বহু পোছাকী উপাদান প্ৰদান কৰিব পৰা এক মীমাংসা হাচিল কৰিবলৈ তেওঁ সক্ষম হ’ব। তেওঁ কৈছিল যে চূড়ান্ত চুক্তি হ’ব ‘উমৈহতীয়া সাৰ্বভৌমত্ব’ৰ ভিত্তিত। এতিয়া আৰু এটা খ্ৰীষ্টমাছ পাৰ হোৱাৰ পিছত মুইভা এক দুঃস্বপ্নসদৃশ মৰণজঁটত (অচলাৱস্থা) বন্দী হোৱা যেন লাগিছে।

মুইভাৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ দিল্লীৰ কোনো দৌৰাদৰি নাই। এক সামগ্ৰিক মীমাংসাত উপনীত হোৱাৰ বাবে ভাৰতীয় চোৰাংচোৱাই সৰু-বৰভেদে এন এচ চি এন আৰু এন এন চিৰ বিদ্ৰোহী গোটবোৰৰ সৈতে যোগাযোগ স্থাপন কৰিছে।

শেহতীয়াভাৱে ভাৰতীয় চোৰাংচোৱাৰ এজন প্ৰাক্তন বিষয়াই ম্যানমাৰৰ খাপলাং গোটৰ নেতৃত্বক লগ কৰে আৰু মুইভাৰ সৈতে হোৱা খচৰা চুক্তিৰ এটা কপি তেওঁলোকক দি এমাহৰ ভিতৰত তেওঁলোকৰ মতামত বিচাৰে। খাপলাং নেতৃত্বয়ো মতামত জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

এই বিদ্ৰোহী নেতাসকলক লগ কৰা, তেওঁলোকৰ মতামত জনা আৰু দিল্লীলৈ এই বাৰ্তা প্ৰেৰণ কৰাৰ দায়িত্ব দিয়া হৈছে য়েংগনৰ ভাৰতীয় দূতাৱাসত থকা চোৰাংচোৱা বিষয়াসকলক।

এই সন্দৰ্ভত দিল্লীৰ দৃষ্টিভংগী হ’ল যে ১৯৭৫ৰ–যেতিয়া মুইভাই শ্বিলং চুক্তি বিৰোধিতা কৰি ভাৰতীয় সেনাৰ বিৰুদ্ধে যুঁজিবৰ বাবে এন এচ চি এন গঠন কৰিছিল– পুনৰাবৃত্তি নোহোৱাটো নিশ্চিত কৰিবৰ বাবে চূড়ান্ত চুক্তিত সকলো বিভাজিত নাগা বিদ্ৰোহী গোটকে জড়িত কৰোৱা।

মুইভাই এই কথাটো ভাল পোৱা নাই, কাৰণ চীনত তেওঁৰ ৰাজনৈতিক আৰু সামৰিক প্ৰশিক্ষণৰ পিছত এটা চীনা ফকৰাই কোৱাৰ দৰে তেওঁ বিশ্বাস কৰিবলৈ ল’লে যে এখন আকাশত থাকে মাত্ৰ এটাই সূৰ্য্য।

বৰ্তমানৰ আৰ এন ৰৱিকে ধৰি সকলো মধ্যস্থতাকাৰীৰে মুইভা গোটটোৱে এতিয়ালৈকে ‘ব্যৱস্থা’ লগাইছে।

যদিও ‘ৰ’ৰ প্ৰাক্তন মুৰব্বী ৰাজিন্দৰ খান্নাই উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে দায়িত্ব লোৱাৰ পিছৰেপৰা সামগ্ৰিক মীমাংসাৰ কথাটোৱে এক ভিত্তি লাভ কৰে।

খান্না য়েংগনস্থিত প্ৰাক্তন ‘ৰ’ বিষয়া আৰু তেওঁৰ বাৰ্মিজ নাগা দৃশ্যপটৰ এক পৰিস্কাৰ বোধ থকাৰ লগতে ভাৰতীয় নাগা বিদ্ৰোহী গোটবোৰ সম্পৰ্কেও তেওঁ অৱগত কাৰণ বহুদিন ধৰি তেওঁ ‘ৰ’ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুৰব্বী আছিল।

এতিয়ালৈকে চূড়ান্ত নহ’লেও ভাৰতৰ সৈতে গোপন দৰ-দাম চলাই থকা খাপলাং গোটৰ প্ৰতি শেহতীয়াকৈ চীনা চোৰাংচোৱাৰ কাষ চপা আলফা সেয়ে বুজিব পৰা কাৰণতে বিতুষ্ট হৈছে।

অধ্যক্ষ খংগা কন্যাক আৰু মুখ্য সেনাধ্যক্ষ নিকি চুমিকে ধৰি এন এচ চি এন খাপলাং গোটৰ বৰ্তমানৰ প্ৰায়ভাগ নেতাই ভাৰতীয়। দিল্লীৰ সেয়ে তেওঁলোকৰ সৈতে কথা-বতৰা পতাত কোনো বাধা নাই। যিটো খাপলাং জীয়াই থকা হ’লে সম্ভৱ নহ’লহেতেন কাৰণ খাপলাং আছিল বাৰ্মিজ নাগৰিক।

আলফাৰ এতিয়া অতি অলপ সংখ্যক সেনানীহে বাচি আছেগৈ আৰু প্ৰতিদ্বন্দ্বীৰ অনুপস্থিতিত আলফাৰ মুৰব্বী পৰেশ বৰুৱাই এন এচ চি এন খাপলাং সদস্যসকলক তেওঁলোকৰ ভৱিষ্যত কাৰ্য্যপন্থাৰ শ্ৰুতলিপি দি খাপলাং গোটৰ নেতা হ’বলৈ ওলাইছে।

যিহেতু মুইভা বিফল হৈছে সেয়ে পৰেশ বৰুৱাই মুইভাৰ সৈতে এক নতুন সম্পৰ্ক গঢ়াৰ চেষ্টা কৰিব যেন ধাৰণা হৈছে আৰু মুইভায়ো দিল্লীক জনাই দিব খুজিছে যে তেওঁকো সহজ বুলি ধৰিলে নহ’ব।

উৎসঃ মিজিমা নিউজ