NORTHEAST NOW (Assamese)
অসম

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 4, 2022 8:07 pm

বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই মণিপুৰৰ ভূমিস্খলনত এতিয়ালৈকে প্ৰাণ হেৰুওৱা অসমৰ ৯ জন আৰু অসমৰে আঘাতপ্ৰাপ্ত হোৱা লোকসকলৰ বাবে ক্ষতিপূৰণ বিচাৰি তথা উত্তৰ-পূৱত বৰ্তমানে চলি থকা ৰেলপথ সম্প্ৰসাৰণৰ প্ৰকল্পসমূহৰ পুনৰীক্ষণ দাবী কৰি প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে পত্র প্ৰেৰণ কৰে।

প্ৰধান মন্ত্ৰী বিশেষ সাহায্য নিধিৰ অধীনত মৃতকৰ পৰিয়াললৈ ২৫ লাখ আৰু আহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য প্ৰদানৰ দাবী কৰে।

প্ৰেৰণ কৰা পত্ৰত শ‍ইকীয়াই জনাই যে মণিপুৰৰ দুৰ্ঘটনাৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে ৰেল বিভাগৰ গাফিলতিৰ কথা। প্ৰাৰম্ভিক অৱস্থাতে মাটিৰ গুণাগুণ সম্পৰ্কীয় পৰীক্ষাৰ ফলসমূহক গুৰুত্বসহকাৰে নোলোৱাৰ ফলত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰি ৰেলমন্ত্ৰীক বিভাগীয় নিধিৰ অধীনত অতি সোনকালে সাহায্য মোকোলাই দিবলৈ দাবী জনায়।

তদুপৰি বৰ্তমানে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত চলি থকা ৰেলপথ সম্প্ৰসাৰণৰ প্ৰকল্প সমূহৰ এক বিভাগীয় পুনৰীক্ষণ দাবী কৰি শ‍ইকীয়াই জনাই যে উত্তৰ পূৰ্বাঞ্চলৰ দৰে ভূতাত্বিক দিশৰ পৰা অতি সংবেদনশীল অঞ্চলত দুর্যোগ প্রশমনৰ দিশটোক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে।এইক্ষেত্ৰত এক বিভাগীয় পদক্ষেপ অতি সোনকালে গ্রহণ কৰিবলৈ প্রধানমন্ত্ৰী তথা ৰেলমন্ত্ৰীক সজোৰে দাবী জনায়।

তদুপৰি, বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰম বিফলতাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এনেদৰে অসমৰ যুৱকে বিভিন্ন ওচৰ চুবুৰীয়া ৰাজ্যত বিপজ্জনক পৰিস্থিতিত শ্রমিক হিচাপে নিজকে নিয়োগ কৰিবলৈ বাধ্য হৈছে বুলি অভিযোগ কৰে বিৰোধী দলপতি গৰাকীয়ে।

পাঁচ বছৰত ২৫ লাখ আৰু এক বছৰত ১ লাখ চাকৰি প্ৰদান কৰিম বুলি দিয়া নির্বাচনী প্ৰতিশ্ৰুতিসমূহ কেৱল নির্বাচনী চমক আছিল নেকি বুলি প্ৰশ্ন কৰি বিৰোধী দলপতি গৰাকীয়ে পত্ৰখনত জনাই যে “নিয়োগ সৃষ্টিৰ দিশত যুগান্তকাৰী পৰিৱৰ্তন অনা বুলি বিশ্বজুৰি চৰ্চিত এনৰেগাৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ সোপাধিলা ৰূপায়ন তথ্য বিগত ৬ বছৰে বিজেপি চৰকাৰে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে প্ৰণয়ন কৰা সমূহ আঁচনিৰ বিফলতাৰ বাবেই আজি অসমত নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ দিশে।

এই বিফলতাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি অসম চৰকাৰেও মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য নিধিৰ অধীনত মৃতকৰ পৰিয়ালক ১০ লাখ আৰু আহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিব লাগে।উদ্ধাৰ কাৰ্য্য খৰতকীয়া কৰি অদ্যপি সন্ধানহীন অসমৰ প্ৰত্যেকজন ব্যক্তিক উদ্ধাৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় শইকীয়াই।