NORTHEAST NOW (Assamese)
অসম

আজি জাগীৰোডত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ জনসভা

Posted by: এন ই নাও নিউজ April 5, 2019 9:41 am
BJP National President Amit Shah visit North-East

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি উত্তৰ-পূৱত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। ইতিমধ্যে ডিব্ৰুগড় বিমান বন্দৰত উপস্থিত হোৱা অমিত শ্বাহক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু অসম ৰাজ্যিক বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিঙে আদৰণি জনায়।

ডিব্ৰুগড়ৰ পৰা অৰুণাচল প্ৰদেশলৈ ৰাওনা হোৱা বিজেপিৰ সভাপতিগৰাকীয়ে অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

ৰাতিপুৱা ৯.৩০ বজাত অৰুণাচৰ বৰডুমচাৰ জেনেৰেল গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া জনসভাত অংশলৈ বিজেপিৰ প্ৰাৰ্থী কিৰেন ৰিজিজু আৰু টাপিৰ গাওৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শ্বাহে। অৰুণাচলৰ জনসভাৰ পাছত দুপৰীয়া ১২.৩০ বজাত মণিপুৰৰ থৌবালৰ ৱাংজিঙ কডমপ’কপি লামপাকত নিৰ্বাচনী সভাত অংশ ল’ব অমিত শ্বাহে।

আনহাতে, আবেলি ৩.৩০ বজাত অসমৰ নগাওঁ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ক্ৰমে ৰূপক শৰ্মা আৰু মনিমাধৱ মহন্তৰ হৈ জাগীৰোডৰ আঁহতগুৰি ম’হযুঁজ পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাত অংশ ল’ব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ জনে।

উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দ্বিতীয় বাৰৰ বাবে অসমত উপস্থিত হয় বিজেপিৰ সভাপতিগৰাকী। ইয়াৰ পূৰ্বেও কলিয়াবৰ আৰু যোৰাহাট লোকসভা সমষ্টিত ২৮ মাৰ্চত নিৰ্বাচনী প্ৰচাৰ চলাইছিল শ্বাহে।