NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ভাটৌ সন্ধানহীন; সন্ধান দিওঁতালৈ ৩০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা

Posted by: এন ই নাও নিউজ April 5, 2019 1:12 pm
parrot missing in Guwahati

গুৱাহাটী মহানগৰীৰ এজন ব্যক্তিৰ পোহনীয়া ভাটৌ চৰাই এটা হেৰাইছে।বহু দিন নিজে বিচাৰি চলাথ কৰাৰ পাছত বিফল হৈ এতিয়া মৰমৰ চৰাইটো বিচাৰি উলিওৱাৰ নিমিত্তে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে গৰাকীজনে।

আনহাতে, যি ব্যক্তিয়ে হেৰোৱা ভাটৌ চৰাইটো ওভটাই দিব পাৰিব তেওঁলৈ ৩০,০০০ টকাৰ পুৰস্কাৰো বিজ্ঞাপনটোৰ যোগে ঘোষণা কৰিছে গৰাকীজনে।

বিজ্ঞাপনটোত প্ৰকাশ কৰা অনুসৰি ভাটৌ চৰাইটোৰ ঘৰত মতা নাম ‘জজো’। সচৰাচৰ ভাটৌ চৰাইৰ থকাৰ দৰে জজোৰ এটা সুন্দৰ ৰঙা ঠৌট আছে। সেউজীয়া ৰঙৰ চৰাইটোৰ মুৰৰ ফালে গুলপীয়া আৰু বুকুৰ ফালে হালধীয়া ৰঙ আছে। চৰাইটোৰ ডিঙি আৰু চকুৰ মাজত কিছু ক’লা ৰঙৰ পতি আছে।

আনহাতে, নামধৰি মাতিলেই পোহনীয়া চৰাইটোৱে সমিধান দিয়ে। বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনটো অনুসৰি জজোক শেষ বাৰৰ বাবে ৩০ মাৰ্চত দিনৰ ১.৩০ মান বজাত গুৱাহাটীৰ লালগনেশ অঞ্চলৰ এটা অট্টালিকাত দেখা পোৱা গৈছিল।

উল্লেখযোগ্য যে, চৰাইটো সন্ধানহীন হোৱাৰ বিজ্ঞাপন বাতৰি কাকতত প্ৰকাশ হোৱা খবৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।