NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশত পৰিল লোকসভা নিৰ্বাচনৰ প্ৰথমটো ভোট

Posted by: এন ই নাও নিউজ April 6, 2019 6:53 pm
Security forces from Arunachal Pradesh cast first vote of Lok Sabha election 2019

শুকুৰবাৰে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত পৰিছে লোকসভা নিৰ্বাচনৰ প্ৰথমটো ভোট।

বাতৰি মতে, ইন্দ’ তিবেতান ব’ৰ্দাৰ পুলিচৰ সঞ্চালকপ্ৰধান চুধাকৰ নটৰাজনে ৰাজ্যখনৰ লোহিতপুৰস্থিত এনিমেল ত্ৰে’ইনিং স্কুলত প্ৰদান কৰে ভাৰতৰ সাধাৰণ নিৰ্বাচন, ২০১৯ৰ প্ৰথমটো ভোট।

চাৰ্ভিচ ভোটাৰ হিচাপে আই টি বি পি জোৱানসকলেই দেশৰ ভিতৰত প্ৰথম ভোটদানৰ সুযোগ লাভ কৰিছে।

গোপন বেলটৰ যোগেদি ভাৰতৰ নিৰাপত্তা বাহিনীৰ প্ৰায় ৫হাজাৰ বিষয়া-জোৱানে শুকুৰবাৰে ভোটদান কৰিছে।

শুকুৰবাৰে ভোট দিয়া দেশৰ ৫হাজাৰ নিৰাপত্তাৰক্ষীৰ ভিতৰত ১হাজাৰজন আই টি বি পিৰ।

এই নিৰ্বাচনত মুঠ প্ৰায় ৩০লাখ চাৰ্ভিচ ভোটাৰে ভোটদান কৰিব।

ভাৰতৰ সামৰিক আৰু অৰ্ধসামৰিক বাহিনীসমূহৰ দেশৰ বাহিৰত বা দেশৰ বিভিন্ন ঠাইত কৰ্মৰত লোকসকলে চাৰ্ভিচ ভোটাৰৰূপে ভোট দিয়াৰ সুযোগ পায়।

চাৰ্ভিচ ভোটাৰসকলক যোগান ধৰা গোপন বেলটখনত নিজৰ ভোট প্ৰদান কৰি তেওঁলোকে চীলদ কাগজখন ডাকযোগে পঠিয়াব পাৰে।