NORTHEAST NOW (Assamese)
অসম

বগীবিল দলঙক লৈ প্ৰকাশ পালে ‘হেৰুৱা স্মৃতি’ শীৰ্ষক বিহুগীত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 6, 2019 9:52 pm

ৰাজ্যত লোকসভা নিৰ্বাচনী বতাহ বলিছে যদিও ইয়াৰ সমান্তৰালভাৱে বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈও পূৰ্ণ প্ৰস্তুতি চলাইছে অসমবাসী ৰাইজে।

বিহুৰ বতৰত সকলো শিল্পীয়ে ভিন্ন ধৰণে গীতৰ ভিডিঅ’ মুকলি কৰিছে যদিও বগীবিল দলঙক লৈ এক ব্যতিক্ৰমী গীত প্ৰকাশ কৰি উলিয়াইছে কন্ঠশিল্পী অনামিকা তামুলি আৰু জিন্টুমণি কলিতাই। গীতটিৰ শিৰোনাম ‘হেৰুৱা স্মৃতি।’

ব্রহ্মপুত্রৰ ওপৰত বগীবিল দলংখনহৈ নদীঘাটবোৰ অতীত হৈ গ’ল। গীতটোত দেউৰীঘাট আৰু ফেৰীঘাটৰ কথা উল্লেখ কৰা হৈছে। এতিয়া বাছ অথবা ৰেলগাড়ীৰেও ব্রহ্মপুত্র পাৰহৈ ডিব্রূগড় আৰু ধেমাজিৰ মাজত যাত্ৰা কৰিব পৰা হ’ল। দলং নিৰ্মাণ হোৱাৰ পাছত লুইতপৰীয়া ডেকা গাভৰুৰ অনুভৱখিনি বিহু গীতেটিৰে প্রকাশ কৰিবৰ যত্ন কৰা হৈছে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে কন্ঠশিল্পী অনামিকা তামুলীয়ে।

ইয়াৰোপৰি কে. এল. টি প্ৰডাকচনৰ নিবেদনত এই বিহুগীতটি মিছিং আৰু অসমীয়া ভাষাৰ সংমিশ্ৰনৰে প্ৰস্তুত কৰা হৈছে। গীতৰ কথা ধৰণী তাওৰ, সুৰ জগদীশ শৰ্মা, সংগীত বিকাশ বৰুৱাৰ। লগতে গীতটিৰ ভিডিঅ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিক আৰু যুৱ অভিনেতা শান্তনু শইকীয়াই। গীতটিৰ আলোকসজ্জা কৰিছে ৰাজ দত্তই। গীতটিৰ বাবে দৃশ্যগ্ৰহণ কৰা হৈছে খাৰঘুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত।

ইতিমধ্যে ছ’চিয়েল মেডিয়াত আপল’ড কৰা হৈছে বিহুগীতটি। ইচ্ছুক শ্ৰোতা/দৰ্শকে তলৰ লিংকত ক্লিক কৰি বিহু গীতটো উপভোগ কৰিব পাৰে  https://www.youtube.com/watch?v=5UxfQrfUjQc&feature=youtu.be