NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ অনীহা হৈছে নেকি হাগ্ৰামাৰ ?

Posted by: ৰিণয় বসুমতাৰী January 18, 2018 8:34 pm
hagrama mohilary

মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ গৈ বাৰে বাৰে থমকি ৰৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । বহু প্ৰতীক্ষিত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ পূৰ্বতে বিপিএফ দলে ব্যাপক উৎসুকতা প্ৰকাশ কৰি বিপিএফ দলৰ পৰা দুজনকৈ মন্ত্ৰিত্ব দাবী কৰিছিল যদিও এতিয়া অনিশ্চিয়তাত থকা  মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বিপিএফ দলৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে ।

পূৰ্বতে অতি উৎসাহেৰে মন্ত্ৰিত্ব আৰু মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ হাগ্ৰামা মহিলাৰীয়ে বক্তব্য প্ৰদান কৰিছিল যদিও আজি সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল মন্ত্ৰিত্ব সম্পৰ্কে সোধা এক প্ৰশ্নত্তোৰত ।

আজি কোকৰাঝাৰ জিলাৰ বিছমুৰী , চিম্বৰগাঁও আদিকে ধৰি বহু অঞ্চলত পঞ্চম ফাইনেন্সৰ অধীনত উন্নয়নমুলক কামকাজৰ আধাৰশিলা স্থাপন কৰি বিটিএডিৰ উন্নয়নৰ গতি ত্বৰাম্বিত কৰাৰ পদক্ষেপ হাতত লোৱা হাগ্ৰামা মহিলাৰীয়ে উন্নয়ন সন্দৰ্ভত বক্তব্য ৰাখে আৰু পঞ্চম ফাইনেন্সত ৰাস্তা ঘাটৰ উন্নয়নক সৰ্বাধিক গুৰুত্ব দিয়া হব বুলি মন্তব্য প্ৰকাশ কৰিছে যদিও মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ কোনো ধৰণৰ বক্তব্য ৰাখিবলৈ সন্মত নহল ।

প্ৰকৃততে আৰএছএছ লবীকেন্দ্ৰিক ৰাজনীতিয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক প্ৰভাৱান্বিত কৰিছে নেকি তাক লৈ গুণাগঁথা অব্যাহত থকাৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ বক্তব্য প্ৰদান কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ অন্তৰালত গুপুত ৰহস্য লুকাই আছে বুলি ধাৰণা কৰা হৈছে ।