NORTHEAST NOW (Assamese)
অসম

জুনিয়ৰ ৰাষ্ট্ৰীয় কাৰাটেত স্বৰ্ণৰে অভিযান আৰম্ভ আয়োজক অসমৰ

Posted by: এন ই নাও নিউজ April 7, 2019 5:10 pm
National Junior Karate tournament

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় কেডেট, জুনিয়ৰ আৰু ২১ বছৰ অনূৰ্দ্ধৰ কাৰাটে প্ৰতিযোগিতাৰ প্ৰথম দিনটোত আয়োজক দল অসমে এটা স্বৰ্ণ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰে।

অসমৰ হৈ কেডেটৰ ছোৱালীৰ শাখাত ঈশিতা কাশ্যপে স্বৰ্ণপদক দখল কৰাৰ বিপৰীতে কেডেটৰ ল’ৰাৰ শাখাত আয়ুষ্মান পাচানীয়ে আৰু জুনিয়ৰ ছোৱালীৰ শাখাত এনজেবি চাকমাই ব্ৰঞ্জৰ পদক লাভ কৰে।

শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত দেশৰ ৩৪ খন ৰাজ্যৰ পৰা অহা ১৩০০ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় কাৰাটে সংস্থাৰ উপ-সভাপতি ভৰত শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাখন উদ্বোধন কৰে।

আনহাতে, প্ৰতিযোগিতাখনত প্ৰথম দিনাই ভাল প্ৰদৰ্শন দেখুওৱা আয়োজক দল অসমে ঘৰুৱা দৰ্শকৰ উপস্থিতিত আৰু অধিক ভাল প্ৰদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হ’ব বুলি স্থানীয় খেল প্ৰেমীসকলে আশা প্ৰকাশ কৰিছে।