NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত নিৰ্বাচনৰ সময়ত কংগ্ৰেছ কৰ্মীৰ গুণ্ডাগিৰী

Posted by: এন ই নাও নিউজ April 12, 2019 6:42 am
Voting

ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বৃহস্পতিবাৰে সামৰণি পৰে। ভোটগ্ৰহণৰ সময়ত ঠায়ে ঠায়ে বিভিন্ন দলৰ সমৰ্থকৰ মাজত নিৰ্বাচনী হিংসা সংঘটিত হোৱা দেখা যায়।

কলিয়াবৰৰ কুঠৰীত কংগ্ৰেছ দলৰ কৰ্মীয়ে দুগৰাকী অসম গণ পৰিষদ দলৰ কৰ্মীক আক্ৰমণ কৰি আহত কৰে। কংগ্ৰেছ দলৰ কৰ্মী জমছেৰ আলীৰ নেতৃত্বত কংগ্ৰেছৰ গুণ্ডাবাহিনীৰ দলে অগপৰ কৰ্মী দুজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে অগপ কৰ্মীয়ে।

ঘটনাৰ বিৱৰণী অনুসৰি অগপ কৰ্মীদুগৰাকীয়ে জমছেৰ আলীৰ হোটেল চৌহদত ডিজেল ভৰ্তি টেংকাৰ এখন জ্বলি উঠাৰ ফটো সংগ্ৰহ কৰিবলৈ গৈছিল আৰু ফটো তোলাৰ সময়তে অগপ কৰ্মী দুজনক কংগ্ৰেছৰ গুণ্ডাবাহিনীৰ দলটোৱে আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন কৰা হয়।

আনহাতে, আহত অগপ কৰ্মীদুগৰাকীক বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে। কলিয়াবৰ সমষ্টিত মূল যুঁজখন কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ মাজত হ’ব।