NORTHEAST NOW (Assamese)
অসম

চৌদি আৰৱলৈ সৰবৰাহ উত্তৰ-পূবৰ প্ৰায় ১৪ গৰাকী যুৱতী

Posted by: এন ই নাও নিউজ April 13, 2019 11:41 am
human-trafficking-768x419

অসম আৰু ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰায় ১৪ গৰাকী যুৱতী মানৱ দেহ সৰবৰাহকাৰী চক্ৰই চৌদি আৰবত বিক্ৰী কৰে।

লক্ষ্ণৌ আৰক্ষীয়ে এগৰাকী মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছত অপৰাধীগৰাকীয়ে ১৪ গৰাকী যুৱতী চৌদি আৰৱলৈ সৰবৰাহ কৰা বুলি দিয়া স্বীকাৰোক্তিৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় চক্ৰৰ জৰিয়তে সৰবৰাহ কৰি বিক্ৰী কৰি দিয়া ১৪ গৰাকী যুৱতীৰ ভিতৰত ৭ গৰাকী ছোৱালী ত্ৰিপুৰাৰ। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা মানৱ সৰবৰাহকাৰীগৰাকী ৰুমানা বেগম বুলি চিনাক্ত কৰা হৈছে। ৰুমানাই উত্তৰ-পূব আৰু দেশৰ ভিতৰত ভালেসংখ্যক যুৱতীক বিভিন্ন ঠাইত ইতিমধ্যে বিক্ৰী কৰি আহিছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযাত ৰাষ্ট্ৰজুৰি চলি থকা ভয়ানক মানৱ সৰবৰাহকাৰী চক্ৰটোৰ কথা পোহৰলৈ আহে। প্ৰদেশ আৰক্ষীৰ অভিযানত ত্ৰিপুৰাৰ পৰা ডুবাইলৈ লৈ গৈ থকা অৱস্থাত এগৰাকী যুৱতীও চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰে।

উদ্ধাৰ হোৱা যুৱতীগৰাকীক চাকৰিৰ প্ৰলোভন দি ডুবাইলৈ লৈ যোৱা হৈছিল আৰু লৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে ৰুমানা বেগমক আটক কৰে।

আনহাতে, বেগমে বিক্ৰী কৰিব নিয়া যুৱতীবোৰক মধ্য প্ৰাশ্চ্যত ২০,০০০ টকা দৰমহাৰ চাকৰি দিম বুলি প্ৰলোভন দিয়া কথা আৰক্ষীৰ জেৰাত পোহৰলৈ আহে।

উল্লেখযোগ্য যে, এনেদৰে উত্তৰ-পূবৰ যুৱতীবোৰক আৰবীয় দেশসমূহত নাৰ্চৰ চাকৰি দিম বুলি প্ৰলোভন দি লৈ যোৱা হয় আৰু দেশখনত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকৰ পাচপোৰ্ট জব্দ কৰি মানসিক আৰু শাৰীৰিক ভাবে নিৰ্যাতন চলাই বিক্ৰী কৰি দিয়া হয়।