NORTHEAST NOW (Assamese)
অসম

গহপুৰত ৩গৰাকীকৈ দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক

Posted by: এন ই নাও নিউজ April 14, 2019 9:32 pm
Rhino dead body

বিশ্বনাথ জিলাৰ গহপুৰত আজি আৰক্ষীৰ সহযোগত বন বিভাগৰ এটা দলে ৩গৰাকীকৈ দুৰ্ধৰ্ষ গঁড় চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন গঁড় চিকাৰী কেইজনক ৰত্নকান্ত পেগু, ডিম্বেশ্বৰ পেগু আৰু মুখেশ্বৰ কামান বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত বন বিভাগ আৰু আৰক্ষীৰ দলে যুটীয়া অভিযান চলাই গঁড় চিকাৰীৰ দলটোক আটক কৰে। আনহাতে আটকাধীন গঁড় চিকাৰী কেইজন কিছুদিন পূৰ্বে জিলাখনৰ লখৰা চাপৰিত উদ্ধাৰ খড়্গবিহীন মৃত গঁড়টোৰ হত্যাত জড়িত থকাৰ সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ১ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইগৰাকীমান বনৰক্ষীয়ে উদ্যানখনৰ ভিতৰত এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছিল।