NORTHEAST NOW (Assamese)
অসম

সন্তোষ ট্ৰফীৰ ছেমি ফাইনেল খেলাৰ আশা নিৰ্বাপিত হ’ল অসমৰ

Posted by: এন ই নাও নিউজ April 16, 2019 11:04 am
Assam football Team

সুদীৰ্ঘ প্ৰায় ৫০ বছৰৰ মূৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা সজীৱ হৈ আছিল যদিও সোমবাৰে সেই আশা নিৰ্বাপিত হ’ল অসম ফুটবল দলৰ। ছেমি ফাইনেলত প্ৰৱেশৰ বাবে দলটোৰ সন্মুখত হেঙাৰ হৈ ঠিয় দিলে কৰ্ণাটক।

প্ৰতিযোগিতাখনৰ গ্ৰুপ বিৰ এখন মেচত সোমবাৰে কৰ্ণাটকৰ বিৰুদ্ধে মুখামুখি হৈছিল অসম। মেচখন অসমৰ বাবে আছিল অতিকৈ গুৰুত্বপূৰ্ণ। ছেমিফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ হ’লে এই মেচখন জয়ী হোৱাটো বা ড্ৰ কৰাটো আছিল বাঞ্চনীয়।

কিন্তু কৰ্ণাটকে সেই সুযোগ অসমক নিদিলে। মেচখনত কৰ্ণাটকে আৰম্ভণিৰে পৰা আক্ৰমণ চলাই যায় আৰু প্ৰথমাৰ্ধৰ ৩১ মিনিটৰ ভিতৰতে ৫টা গ’লেৰে থকা সৰকা কৰি দিয়ে অসমক। কৰ্ণাটকৰ আক্ৰমণ প্ৰতিৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা অসমে প্ৰথমাৰ্ধৰে ৩৭ মিনিটত বিষ্ণু বৰদলৈৰ সহায়ত একমাত্ৰ গ’লটো প্ৰদান কৰে।

অৱশ্যে মেচখনৰ দ্বিতীয়াৰ্ধত কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নহ’ল আৰু মেচখন কৰ্ণাটকে ৫-১ৰ বিশাল ব্যৱধানত বিজয় সাব্যস্ত কৰে। এই বিজয়ৰ লগে লগে কৰ্ণাটক প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈ অগ্ৰসৰ হয় আৰু অসম প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।

উল্লেখ্য যে ছিকিম আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা অসমৰ খেলুৱৈসকলক কালিৰ মেচখনত ফিল্ডত দেখা যায় নিস্তেজ তথা অসহায় ৰূপত। গুৰুত্বপূৰ্ণ মেচখনত দলে কৰ্ণাটকক পৰাস্ত কৰাৰ বাবে কোনোধৰণৰ সঠিক ৰণনীতি প্ৰয়োগ কৰা পৰিলক্ষিত নহ’ল। যাৰ বাবে সুদীৰ্ঘ ৫০ বছৰৰ মূৰত প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল খেলাৰ সুযোগ হেৰুৱাব লগীয়া হ’ল অসমে।