দেশৰ আগশাৰীৰ তথা সন্মানীয় ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফীত অসমৰ আৰম্ভনি সন্তোষজনক নাছিল যদিও দলটোৱে এতিয়া ঘূৰাই পাইছে নিজৰ ছন্দ। মহাৰাষ্ট্ৰক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰাৰ পাছত শনিবাৰে নিজৰ তৃতীয়খন মেচত অসমে ৩-১ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় উত্তৰ-পূবৰ আন এক শক্তিশালী দল ছিকিমক।
এই বিজয়ৰ লগে লগে এতিয়া অসমৰ বাবে আহিছে এক সুৱৰ্ণ সুযোগ। কিয়নো সুদীৰ্ঘ প্ৰায় ৫০ বছৰৰ মূৰত সন্তোষ ট্ৰফীৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে অসমৰ।
উল্লেখ্য যে শনিবাৰে পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত গ্ৰুপৰ গুৰুত্বপূৰ্ণ মেচখনত অসম দলে আৰম্ভণিৰে পৰা তীব্ৰ চাপত ৰাখিছিল ছিকিম দলক। সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰা অসমে মেচখনৰ তিনি মিনিটতে মিলন বসুমতাৰীয়ে কৰা গ’লৰ সহায়ত অগ্ৰগতি লৈছিল। কিন্তু ডিফেণ্ডাৰৰ ভুলৰ বাবে ৩৩ মিনিটত লাভ কৰা পেনাল্টিৰ জৰিয়তে ছিকিমে সমতা স্থাপন কৰে। আৰু এইদৰে ১-১ গ’লত অন্ত পৰে প্ৰথমাৰ্ধৰ খেল।
প্ৰথমৰে পৰা খেলপথাৰত আক্ৰমণাত্মক ৰূপত নমা অসম দলে দ্বিতীয়াৰ্ধতো প্ৰতিপক্ষৰ শিবিৰত চলাই যায় এটাৰ পাছত আন এটা আক্ৰমণ। প্ৰতিযোগিতাখনৰ ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিবলৈ হ’লে এই মেচখনত জয়ৰ বাহিৰে কোনো গত্যন্তৰ নাছিল অসমৰ। আৰু অৱশেষত চিৰণদীপে ৮৫ মিনিটত অসমৰ হৈ অগ্ৰগতিসূচক গ’লটো দি অসমৰ আশা সজীৱ কৰি ৰাখে।
ইমানতেই ক্ষান্ত নথকা অসম দলে মেচৰ অতিৰিক্ত সময়ত আৰু এটা গ’ল কৰি ব্যৱধান ৩-১ লৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়। অসমৰ হৈ তৃতীয়টো গ’ল কৰে বিষ্ণুৱে। আৰু এইদৰে মেচখন ৩-১ৰ ব্যৱধানত জয়ী হয় অসম।
উল্লেখ্য যে এতিয়া অসমে অহা ১৫ এপ্ৰিলত কৰ্ণাটকৰ বিৰুদ্ধে পৰৱৰ্তী মেচখনত অৱতীৰ্ণ হ’ব। যদিহে কৰ্ণাটকক পৰাস্ত কৰিবলৈ সক্ষম হয় তেন্তে অসমৰ সন্তোষ ট্ৰফীৰ ছেমিফাইনেল খেলাৰ সপোন পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
অসমৰ এনে উল্লেখনীয় প্ৰদৰ্শনৰ বাবে অসম ফুটবল সন্থা, ফুটবলপ্ৰেমীৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰাক্তন খেলুৱৈয়ে দলটোক শুভেচ্ছা প্ৰদান কৰিছে।