NORTHEAST NOW (Assamese)
Popular Stories

‘পাকিস্তানৰ হিন্দুসকলক ভাৰতলৈ পঠোৱাৰ স্বাৰ্থতে মোদী চৰকাৰ ক্ষমতালৈ অহাটো বিচাৰিছে ইমৰান খানে’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 16, 2019 8:52 pm

‘পাকিস্তানত থকা হিন্দু লোকক ভাৰতলৈ পঠোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰি পুনৰবাৰ মোদী চৰকাৰ শাসনলৈ অহাতো কামনা কৰিছে পাকিস্তানৰ প্ৰধান মন্ত্ৰীয়ে।‘ এই গুৰুতৰ অভিযোগ অগপৰ পৰা পদত্যাগী নেতা তথা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক চৰণ ডেকাৰ।

মঙলবাৰে গুৱাহাটী প্ৰেছক্লাবত এক সংবাদমেল সম্বোধন কৰি ডেকাই কয়, ‘পাকিস্তানৰ প্ৰধান মন্ত্ৰীয়ে মোদী চৰকাৰ আহিলে শান্তি হ’ব বুলি কৈছিল। এই কথাটো কি যুক্তিত কৈছে? এইকাৰণেই কৈছে যে পাকিস্তান বা বাংলাদেশত যিবোৰ হিন্দু লোক আছে সেইবিলাকক অত্যাচাৰ কৰিব আৰু অসমত পঠিয়াই দিব। এনেকুৱা এক ভয়ানক পৰিবেশ সৃষ্টিৰ কাৰণে পাকিস্তান চৰকাৰ আগবাঢ়িছে।‘

পাকিস্তান আৰু বাংলাদেশৰ প্ৰসংগ উত্থাপন কৰি তেওঁ আৰু কয়, ‘দুয়োখন দেশতে হিন্দুৰ ওপৰত ৰাজনৈতিক অত্যাচাৰ হোৱা নাছিল যদিও এতিয়া ৰাজনৈতিক অত্যাচাৰ হ’ব আৰু তেওঁলোকক অসমলৈ খেদি দিব।‘

চৰণ ডেকা, বাওঁফালৰ জন। ফটো য়ু বি

‘যদি ১ কোটি মানুহ পাকিস্তান আৰু বাংলাদেশৰ পৰা আহি যায়, অসমৰ অস্তিত্ব কি হ’ব?’ ডেকাৰ প্ৰশ্ন।

তেওঁ কয় যে ইতিমধ্যে কোনোধৰণৰ নথি-পত্ৰ নোহোৱাকৈ ১৯৭১ চনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰ পৰ্য্যন্ত অসমলৈ প্ৰায় ২০ লাখ হিন্দু ধৰ্মী বাংলাদেশীয়ে অনুপ্ৰৱেশ কৰিছে বুলি থাৱৰ কৰা হৈছে।

‘মোদী চৰকাৰক পুনৰবাৰ শাসনৰ গাদীলৈ অনাটো ৰাইজৰ কাৰণে উচিত হ’ব নে অনুচিত হ’ব?’ সংবাদমেলত এই প্ৰশ্ন তুলি ডেকাই কয় ‘অসমীয়া মানুহক লগত লৈ অসমীয়াৰ বুকুতে মোদী চৰকাৰে চুৰি মাৰিব খুজিছে।‘ সেয়ে তেওঁ ৰাইজক ‘জাতীয় জীৱনৰ স্বাৰ্থ উৰ্দ্ধত ৰাখি’ বাকি থকা দুটা পৰ্য্যায়ৰ ভোটগ্ৰহণত ভোট দিবৰ বাবে আহ্বান জনায়।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অগপৰ সভাপতি অতুল বৰাক ‘ক্ষমতালোভী’ আখ্যাৰে দলৰ পৰা ওলাই অহা ডেকাই আজিৰ সংবাদমেলত পুনৰবাৰ দলটোৰ নেতৃত্বক আক্ৰমণৰ লক্ষ্য কৰি লয়।

‘অগপ দলটো গঠন হোৱাৰ পাছত তাৰ নেতাসকল ইমান ভ্ৰষ্টাচাৰী হ’ল আৰু দুৰ্নীতিগ্ৰস্ত হ’ল, তেওঁলোকে টকা-পইছাৰ বাহিৰে পৃথিৱীত একোৱেই চিনি নাপালে। আজিৰ কিছুসংখ্যক নেতৃত্বই দলটোক বিক্ৰী কৰিলে। এই পৰিস্থিতিত এটা আঞ্চলিক ৰাজনৈতিক দল শক্তিশালী হ’ব নোৱাৰে।‘ ডেকাই কয়।