NORTHEAST NOW (Assamese)
অসম

দৰঙ জিলাত ৪ কিঃ মিঃ দীঘল বিশাল বাইক ৰেলি উলিয়ালে কংগ্ৰেছ দলে

Posted by: ময়ুখ গোস্বামী Updated by: ময়ুখ গোস্বামী April 16, 2019 7:56 pm
Congress took out huge poll byke rally in Assam's Darrang

দেশৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায় তথা অসমৰ অন্তিমটো পৰ্য্যায়ৰ প্ৰচাৰৰ অন্তিম দিনা অৰ্থ্যাৎ ১৬ এপ্ৰিল মঙলবাৰে দৰং জিলাত ৪ কিঃ মিঃজোৰা এক বিশাল বাইক সমদল বাহিৰ কৰে কংগ্ৰেছ দলে।

৮নং মঙলদৈ সমষ্টিৰ দলটোৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ সমৰ্থনত এই বৃহদাকাৰ সমদলটো উলিওৱা হৈছিল।

স্বয়ং প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ উপস্থিতত ছিপাঝাৰৰ নাৰিকলিৰ পৰা খাৰুপেতীয়ালৈকে উলিওৱা সমদলটোত নেতৃত্ব দিছিল অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই। বৰাৰ লগতে সমদলটোত অসমৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, জয়নাথ শৰ্মা আদি কংগ্ৰেছ নেতাও উপস্থিত আছিল।

সমদলটোত অংশগ্ৰহণ কৰা কংগ্ৰেছ সমৰ্থকসকলে দলটোৰ পতাকা জোকাৰিছিল আৰু শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে আৰু কংগ্ৰেছ দল আৰু ইয়াৰ প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাৰ সমৰ্থনত শ্ল’গান দিছিল।

পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি কলিতাই দাবী কৰে যে যিহেতু লোকসকল তিনিটা ধাৰাৱাহিক বাৰত ১৫ বছৰে বিজেপি সাংসদসকলৰ বিফলতাত বিৰক্ত গতিকে তেওঁ পৰ্য্যাপ্ত পৰিমাণে আত্মবিশ্বাসী যে ভোটাৰসকলে তেওঁক সমষ্টিতো বিজেপিৰ পৰা কাঢ়ি আনিবলৈ সমৰ্থন কৰিব।