NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত বি পি এফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলালে হাগ্ৰামা মহিলাৰীয়ে

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী April 16, 2019 8:42 pm
Loksabha election: Hagrama campaign in Kokrajhar

চলিত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই মঙলবাৰে বি পি এফ দলৰ সভাপতি আৰু বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে যিসকলে বি পি এফ দলৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মক ভোট নিদিয়ে সেইসকলক মাটিৰ পট্টা প্ৰদান কৰা নহ’ব।

ইণ্ডো-ভূটান সীমান্তৰ উল্তাপানীত ৫ নং কোকৰাঝাৰ সমষ্টি (জনজাতি)ৰ দলীয় প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ মঙলবাৰে প্ৰচাৰ চলাওঁতে হাগ্ৰামা মহিলাৰীৰ সৈতে দলটোৰ ৰাজ্যসভা সাংসদ বিশ্বজিত দৈমাৰীও উপস্থিত আছিল।

তেওঁৰ ভাষণত হাগ্ৰামা মহিলাৰীয়ে লগতে কয় যে য়ু পি পি এল প্ৰাৰ্থীক ভোট দিয়া মানে এন ডি এফ বিক শক্তিশালী কৰা যি এবাৰ শক্তিশালী হ’লে তাৰ পিছত মানুহক হত্যা কৰিব।

অহা ২৩ এপ্ৰিলৰ তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দলসমূহ আৰু প্ৰাৰ্থীসকলে ভোট আদায় কৰিবৰ কাৰণে সাধাৰণ জনগণৰ কাষ চাপিছে।

সভাপতি হাগ্ৰামা মহিলাৰীয়ে কয় যে বি পি এফ দলৰ হাতত আছে জনগণৰ সমৰ্থন আৰু কোকৰাঝাৰত দলৰ প্ৰাৰ্থীৰ আৰু অন্যান্য সমষ্টিসমূহত বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বৃহৎ বিজয়ত আত্মবিশ্বাস প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্ণ, জাত নিৰ্বিশেষে দলে সকলোৰে সমৰ্থন লাভ কৰিছে।

হাগ্ৰামা মহিলাৰীয়ে কয় অঞ্চলটোত ভাল শাসন, সৰ্বাংগীন উন্নয়ন আৰু সামাজিক ঐক্যৰ বাবে দলটোৱে প্ৰমীলাৰাণী ব্ৰহ্মক ৫ নং কোকৰাঝাৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।