NORTHEAST NOW (Assamese)
অসম

ইতিহাস সৃষ্টিৰ ৭ ৰান দূৰত ৰৈ গ’ল অসমৰ ৰিয়ান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2019 10:25 pm
Riyan Parag

২০ এপ্ৰিল অৰ্থাৎ শনিবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৩ ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অসম সন্তান ৰিয়ান পৰাগে মাত্ৰ ৭ ৰানৰ বাবে আই পি এলত ইতিহাস সৃষ্টি কৰাৰ পৰা দূৰৈত থাকে।

যদিহে ১৭ বছৰীয়া অসমৰ এইগৰাকী ক্ৰিকেটাৰে কালিৰ মেচখনত অৰ্ধ শতক অৰ্জন কৰিবলৈ সক্ষম হ’লহৈ তেন্তে তেওঁ আই পি এলত অৰ্ধ শতক অৰ্জন কৰা কনিষ্ঠতম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’লহেতেন।

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰিয়ানে ২৯ বলত এটা ছয় আৰু ৫টা চাৰিৰে ৪৩ ৰানৰ এক অনবদ্য ইনিংছ খেলি ৰাজস্থান ৰয়েলছৰ বিজয়ত বিশেষ ভূমিকা পালন কৰে। বেটিং ক্ৰমৰ পঞ্চম স্থানত বেট ধৰিবলৈ অহা ৰিয়ানে খেলা শ্বটসমূহ অতি পৰিপক্ক আৰু প্ৰত্যয়জনক আছিল।

অতি দৃঢ়তাৰে বেটিং কৰাৰ উপৰি ৰিয়ানে মেচখনত ২ অ’ভাৰ ব’লিং কৰি ১৭ ৰান খৰচ কৰে।

অসমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ ৰিয়ানৰ যোৱা ১১ এপ্ৰিলত ছাৱাই মানসিং ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটিছিল।

উল্লেখ্য যে শনিবাৰে খেলা ইনিংছটোৰ পাছতে ক্ৰিকেট বিশেষজ্ঞসকলৰ মুখে মুখে ৰিয়ান পৰাগৰ বেটিং পৰাক্ৰমৰ বিষয়ে চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

আনহাতে অসমৰ সংগীত জগতৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গেও আজি ছ’চিয়েল মিডিয়াযোগে ক্ৰিকেটাৰগৰাকীক অভিনন্দন জনাইছে। ৰিয়ানে কালিৰ মেচখনত বাঘৰ দৰে খেলা বুলি গায়কগৰাকীয়ে উল্লেখ কৰে।