NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ৮ দিনতে এভাৰেষ্টৰ বেছ শিবিৰ ট্ৰেকিং অসমৰ চাৰিজনীয়া এটা দলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 24, 2019 11:21 am
On-the-way-to-Everest-Base-Camp-Trek-1-e1544771966873

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ বেছ শিবিৰ ট্ৰেকিং কৰি চমক দিলে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ লগতে তেওঁৰ আন তিনিগৰাকী সহযোগীয়ে।

অসমৰ প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ তথা অধিবক্তা শইকীয়াৰ সৈতে গুৱাহাটীৰ আন তিনিগৰাকী আৰোহীয়ে যোৱা ১৩ এপ্ৰিলত লকুলাৰ পৰা অভিযান আৰম্ভ কৰি ২০ এপ্ৰিলত ট্ৰেকিং সম্পূৰ্ণ কৰে।

অভিযানকাৰী দলটোৱে ৫ হাজাৰ ৩৬৪ মিটাৰ উচ্চাতা বিশিষ্ট বেছ শিবিৰটো মাত্ৰ ৮ দিনৰ ভিতৰতে ট্ৰেকিং কৰিবলৈ সক্ষম হোৱা কাৰ্যক সকলোৱে শলাগ লোৱাৰ লগতে দলটোক অভিনন্দন জ্ঞাপন কৰিছে।

Untitled-1 copy
ফটো উৎস : ফে’চবুক

দেৱজিৎ শইকীয়াৰ লগত যোৱা দলটোৰ আন সদস্য কেইজন হৈছে অনুজ কুমাৰ পালিৱাল, দীপক চন্দ দাস আৰু সুজিত কাকতী।

উল্লেখ্য যে অভিজ্ঞ পৰ্বতাৰোহী তথা এভাৰেষ্ট শৃংগ বিজয়ী মনীষ ডেকাৰ অধীনত ট্ৰেকিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অসমৰ এই দলটোৱে দুঃসাহসিক অভিযানৰ সময়ত কাঠমাণ্ডুৰ এটা এডভেন্সাৰ এজেন্সিৰ সহায় লৈছিল।