NORTHEAST NOW (Assamese)
অসম

পুনৰ গঠনৰ দিশে অগপ, সকলোকে ওলাই অহাৰ আহ্বান মহন্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2019 8:02 pm
27-06-18-Dibrugarh-AGP-Sankhanaad-programme-4-768x404Reformation in AGP nearby, hints Former Assam CM Prafulla Mahanta

নাগৰিকত্ব বিধেয়ক গ্ৰহণত অংগীকাৰবদ্ধ বিজেপিৰ সৈতে পুনৰ মিত্ৰতাক লৈ অগপৰ অভ্যন্তৰীণ শীতল যুদ্ধৰ বহিৰ্প্ৰকাশেৰে দলটো পুনৰ গঠনৰ ইংগিত দিছে প্ৰতিস্থাপক প্ৰফুল্ল কুমাৰ মহন্তই।

মিত্ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ঘোষণাৰে মহন্ত নেতৃত্বাধীন অসম আন্দোলন সংগ্ৰামী মঞ্চ-আয়োজিত সংবাদমেলতে শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“অগপৰ ওপৰত বিশ্বাস আছে। অসমত জাতীয়তাবাদ সুৰক্ষিত কৰিব লাগিব পুনৰ গঠনৰ কথা আগতেও ওলাইছিল সকলো ওলাই আহিব লাগে,” সংবাদমেলত অগপৰ পুনৰগঠনক লৈ মহন্তৰ মন্তব্য।

বিষয়টোক লৈ মহন্তই “আজিয়ে” সকলো ক’ব নোখোজাটোৱে নিশ্চিত কৰিছে অগপৰ ভিতৰত দল পুনৰগঠনক লৈ চলা কুচকাৱাজৰ।

“আজিয়ে সব নকওঁ। পৰৱৰ্তী সময়ত কোৱা হ’ব,” পুনৰগঠনৰ নেতৃত্ব লোৱাক লৈ এতিয়াই মুখ খুলিব নোখোজা মহন্তৰ মন্তব্য।

শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থকা মহন্তৰ সংবাদমেলখনৰ সময়টোও ৰাজনৈতিকভাৱে তাৎপৰ্য্যপূৰ্ণৰূপে পৰিগণিত হৈছে।

গুৱাহাটীত মহন্তই অমিত শ্বাহৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ সিদ্ধান্ত ঘোষণা কৰা সময়ত বাৰাণসীত নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিলত যোগ দিছিল অগপ সভাপতি অতুল বৰাই।

লগতে পঢ়ক– অমিত শ্বাহৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়লৈ প্ৰফুল্ল কুমাৰ মহন্ত

মহন্তৰ সংবাদমেলৰ বাতৰি আৰু অমিত শ্বাহৰ সৈতে বাৰাণসীত অতুল বৰাৰ কৰমৰ্দনৰ ছবি প্ৰায় একে সময়তে সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে।

লগতে পঢ়ক– পবিত্ৰ কাশীত মহানায়ক প্ৰণামত শাৰী বিধেয়ক বিৰোধিতাৰ চং দিয়া উত্তৰ-পূবৰ নায়কগণ

ফণীভূষণ চৌধুৰীৰ দৰে জ্যেষ্ঠ নেতাৰ বক্তব্যয়ো ইতিপূৰ্বে দলটোৰ ভিতৰুৱা দ্বন্দ্ব প্ৰকট কৰিছে। “প্ৰফুল্ল মহন্ত নহয়, অতুল বৰাহে আমাৰ নেতা” বুলি পাটাছাৰকুছিত কিছুদিন পূৰ্বে চৌধুৰীয়ে মন্তব্য কৰিছিল।

লাচিত বৰদলৈ, দিৱস ফুকন, দিলীপ বৰা, প্ৰণৱ গোস্বামী, চৰণ ডেকা আদি কেইবাজনো নেতাই ইতিমধ্যে আঞ্চলিক দলটোৰ মজিয়া ত্যাগ কৰিছে।

বহুকেইগৰাকী নেতা-কৰ্মীক বহিষ্কাৰ কৰাৰ লগতে মিত্ৰ বিজেপিৰ বিৰুদ্ধাচৰণ কৰা কেইবাটাও আঞ্চলিককো শীৰ্ষ নেতৃত্বই ইতিমধ্যে জৱাবদিহি কৰিছে।