NORTHEAST NOW (Assamese)
অসম

তেজপুৰৰ পৰা আমিনগাঁওলৈ নিশা কিয় কঢ়িয়াই অনা হ’ল ইভিএম? : প্ৰশ্ন কংগ্ৰেছৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 29, 2019 3:41 pm
98715b1b-6f1e-478c-bd4c-49181e0bef29

দেওবাৰে নিশা তেজপুৰৰ পৰা আমিনগাঁওৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ইভিএম মেচিন কঢ়িয়াই অনাকলৈ প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আজি ৰাজীৱ ভৱনত আয়োজন কৰা এখন যৌথ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰদ্বয় কিশোৰ ভট্টাচাৰ্য আৰু দুৰ্গা দাস বড়োৱে বিষয়টো সন্দৰ্ভত দলৰ প্ৰতিক্ৰিয়া সদৰী কৰে।

সংবাদমেলত মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য্যই কয়, ‘’কালি আমিনগাওঁৰ উপায়ুক্তৰ কাৰ্য্যালয়ত নিশা ১০-৩০ বজাৰ পৰা ১১ বজাৰ ভিতৰত কেইবাখনো গাড়ীৰে  ই ভি এম বাকচ অনা হৈছিল। সেয়েহে ততাতৈয়াকৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল।‘’

ভট্টাচাৰ্যই লগতে প্ৰশ্ন কৰে যে তেজপুৰৰ পৰা আমিনগাওঁলৈ ইভিএম মেচিন কিয় কঢ়িয়াই অনা হ’ল?

আনহাতে, হিম্মতসিংকাৰ গোপন গুদামত ই ভি এম মেচিন ৰাখিব বিচাৰিছিল বুলি  কংগ্ৰেছৰ সন্দেহৰ কথাও ব্যক্ত কৰে মুখপাত্ৰগৰাকীয়ে।

দেওবাৰে নিশা ইভিএম কঢ়িয়াই অনা এএছ ১২ এ চি ৫৮৫১ নম্বৰৰ টাটা ডি আই বাহনখন। ফটো : নৰ্থইষ্ট নাও

তেওঁ লগতে প্ৰশ্ন কৰি কয়,”ইয়াৰ বাবে দেওবাৰৰ দিনটো বাছি লোৱা হ’ল কিয়? তেজপুৰ নগৰ অঞ্চলৰ পৰা কামৰূপৰ গ্ৰাম্য অঞ্চললৈ কিয় অনা হ’ল? নিশা আন্ধাৰৰ সুযোগ লৈ অনা হ’ল কিয়? কোনো ৰাজনৈতিক দলকে অৱগত কৰা নহ’ল কিয়?”

“গণতান্ত্ৰিক প্ৰক্ৰিয়া সুকলমে চলোৱাত বাধা আহিছে। এয়া গণতন্ত্ৰৰ বাবে এক দুৰ্ভাগ্যজনক কথা,”-ভট্টাচাৰ্য্যই কয়।

এই ঘটনা সন্দৰ্ভত লগতে নিৰ্বাচন আয়োগক উচ্চস্তৰীয় তদন্ত কৰিবলৈয়ো প্ৰদেশ কংগ্ৰেছে দাবী জনায়।

ইপিনে, সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ আনজন মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কয় যে কামৰূপ জিলা (গ্ৰাম্য)ৰ উপায়ুক্ত কমল বৈশ্যৰ ওপৰত আমাৰ কোনো আস্থা আৰু বিশ্বাস নাই। কেৱল উচ্চ পৰ্যায়ৰ তদন্তইহে ইয়াৰ ৰহস্য পোহৰলৈ আনিব।   বৈশ্যক তাৎক্ষণিকভাৱে বদলি কৰাৰো দাবী জনায় বড়োৱে।

“দুৰ্নীতিৰ বজাৰ বহিছে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ গুৰিয়াল হিচাপে দুৰ্নীতি আৰু চাকৰিৰ বজাৰৰ খবৰবিলাকে আপোনাক দুখ দিয়া নাই নেকি? আপুনি তদন্ত ঘোষণা কৰিছিল যদিও আজিলৈকে ৰিজাল্টসমূহ আপুনি ৰাজহুৱা নকৰিলে,”-বড়োৱে মন্তব্য কৰে।

আনহাতে, দুৰ্গা দাস বড়োৱে দেওবাৰে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা এ পি ডি চিএলৰ নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰো দাবী উত্থাপন কৰে।