NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ ৰাজপথত গজৰাজৰ মুক্ত বিচৰণ : জি এছ ৰোডত সৃষ্টি হৈছে তীব্ৰ যানজঁট

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 30, 2019 6:51 pm
fdb3d1f0-eaab-4bb9-a955-e5b15bc75aeb

মহানগৰীৰ ৰাজপথত আজি পুৱাৰে পৰা মুক্তভাৱে বিচৰণ কৰিছে এটা বনৰীয়া হাতীয়ে। গোটেই দিনটো মহানগৰীৰ ভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰি হাতীটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

আজি পুৱাৰ ভাগত প্ৰথমে ছয়মাইল,পাঞ্জাবাৰী হৈ উপস্থিত হয় বৰবাৰী অঞ্চলত। বৰবাৰীৰ কাঞ্চন নগৰ পাহাৰত কিছু সময় ধৰি বিচৰণ কৰে বনৰীয়া হাতীটোৱে। হাতীটো আমচাং বনাঞ্চলৰ পৰা ওলাই মহানগৰীলৈ অহা বুলি অনুমান কৰা হৈছে।

24de26ec-6bf2-4a1b-b012-1d21e721a355
শেহতীয়াভাৱে মহানগৰীৰ এবিচি অঞ্চলত অৱস্থান কৰি থকা হাতীটো। ফটো : নৰ্থইষ্ট নাও

ইপিনে, বন বিভাগৰ লোক হাতীটোৰ পাছে পাছে পুৱাৰে পৰা ব্যস্ত হৈ আছে। বৰবাৰী কাঞ্চন নগৰ পাহাৰৰ পৰা হাতীটোৱে দিক্ বিদিক হেৰুৱাই প্ৰথমে গণেশগুৰি আৰু তাৰ পাছতে জি এছ ৰোডত প্ৰৱেশ কৰে।

জি এছ ৰোডৰ খ্ৰীষ্টানবস্তি হৈ হাতীটো বৰ্তমান ভঙাগড় অভিমুখে আগুৱাই গৈছে। বৰ্তমানলৈকে হাতীটোৱে একো ক্ষয় ক্ষতি কৰা নাই বুলি জানিব পৰা গৈছে। বৰ্তমান হাতীটো এ বি চিৰ ৰাজীৱ ভবনৰ সন্মুখত উপস্থিত হৈছে।

আনহাতে, হাতীটোৰ বিচৰণৰ ফলত সন্ধিয়াৰ সময়ছোৱা জি এছ ৰোডত সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ। বিশেষকৈ খানাপাৰা আৰু বেলতলাৰ পৰা পল্টনবজাৰ অভিমুখী সকলো বাহন ভঙাগড়লৈকে আবদ্ধ হৈ পৰিছে। তদুপৰি, জিএছ ৰোডৰ পথাচাৰীৰ মাজত হাতীটোক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইতিমধ্যে, হাতীটোক ধৰিবলৈ তিনিটা হাতী লগত লৈ হস্তী বিশেষজ্ঞ দুদুল চৌধুৰী ঘটনাস্থলীলৈ ৰাওনা হৈছে।