NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ ৪ খেলুৱৈৰ সোনৰ পদক

Posted by: ছফিকুল আহমেদ Updated by: ছফিকুল আহমেদ April 30, 2019 10:17 pm

আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশলৈ অসমৰ ৪ গৰাকীকৈ কাৰাটে খেলুৱৈয়ে সোনৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ”ত গোৱালপাৰা জিলাৰ মধুসুদন দাস, চিন্ময় ৰাভা, ইনামুল হক আৰু চান্দিনী খাতুনে সোনৰ পদক বুটলিবলৈ সক্ষম হয়।

ইয়াৰে ইনামুল আৰু চান্দিনীৰ ঘৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইত হোৱাৰ বিপৰীতে চিন্ময় ৰাভা আৰু মধুসুদন দাসৰ ঘৰ জিলাখনৰ ধুপধৰাত।

দেওবাৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত চিন্ময়ে তেওঁৰ ম্যানমাৰৰ প্ৰতিপক্ষক পৰাজিত কৰাৰ লগতে মধুসুদন দাসে ভুটানৰ প্ৰতিদ্বন্দ্বিক হৰুৱাই প্ৰথম স্থান অধিকাৰ কৰে। ঠিক সেইদৰে ৪৯ কিলো শাখাত ইনামুলে আৰু ৪৫ কিলো শাখাত চান্দিনীয়ে তেওঁলোকৰ প্ৰতিপক্ষক পৰাস্ত কৰি সোনৰ খিতাপ দখল কৰে।

কাৰাটে এচ’ছিয়েশ্যন অৱ ইণ্ডিয়া (কাই)ৰ দ্বাৰা অনুমোদিত সংস্থা “অল ভাৰত চোটোকান কাৰাটে-ডু ফেডাৰেশ্য’ন”ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাৱধানত অনুষ্ঠিত তথা বাংলাদেশ, নেপাল, শ্ৰীলংকা, আফগানিস্তান আৰু ম্যানমাৰৰ যুৱ খেলুৱৈ সকলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ যোৱা সোমবাৰে অন্ত পৰে।

আনহাতে দেশৰ হৈ ৪টা কৈ সোনৰ পদক আঁজুৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা কাৰাটে খেলুৱৈ কেইগৰাকীক জিলাখনৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।