NORTHEAST NOW (Assamese)
Popular Stories

বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মুৰ্তাজাসহ অন্য দুজন ক্ৰিকেটাৰ ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 4:46 pm

বাংলাদেশৰ প্ৰাক্তন অধিনায়ক মাছৰাফে মুৰ্তাজা আৰু আন দুজন ক্ৰিকেটাৰ ক্ৰমে নজমুল ইছলাম আৰু নফীছ ইকবাল ক’ৰ’নাত আক্ৰান্ত হৈছে।

পাকিস্তানৰ ছাহিদ আফ্ৰীদিৰ পাছত ক’ৰ’নাত আক্ৰান্ত হোৱা বিশ্বৰ পৰিচিত ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে মুৰ্তাজা।

৩৬ বছৰীয়া মুৰ্তাজাৰ যোৱা কিছু দিনৰ পৰা স্বাস্থ্যৰ অৱস্থা সন্তোষজনক নোহোৱাত শুকুৰবাৰে তেওঁ ক’ৰ’নাৰ পৰীক্ষা কৰে। পৰীক্ষাত তেওঁৰ ফলাফল পজিটিভ আহে।

বাংলাদেশৰ হৈ ৩৬ খন টেষ্ট, ২২০ খন এদিনীয়া আৰু ৫৪ খন টি-২০ মেচ খেলা মুৰ্তাজাই নিজৰ ফেইচবুকৰ জৰিয়তে কয়, ‍‘ক’ৰ’না ভাইৰাছৰ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। সোনকালে সুস্থ হোৱাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব’।

ইয়াৰ উপৰি তেওঁ সকলোকে ক’ৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিনা কাৰণত ঘৰৰ পৰা বাহিৰ নহ’বলৈও আহ্বান জনাইছে।

উল্লেখ্য যে সাংসদ হিচাপে মুৰ্তাজাই মহামাৰী ক’ৰ’নাই ক্ষতিগ্ৰস্ত কৰা লোকৰ মাজত সাহায্য বিতৰণ কৰিছিল। মুৰ্তাজাৰ পৰিয়ালৰ আন সদস্যও এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।

মুৰ্তাজাৰ উপৰি বাংলাদেশৰ এদিনীয়া দলৰ অধিনায়ক তামিম ইকাবালৰ ভাতৃ তথা বাংলাদেশৰ প্ৰাক্তন ক্ৰিকেটাৰ নফীছ ইকবাল আৰু বাওঁহতীয়া স্পিনাৰ ইছলামো ক’ৰ’নাত আক্ৰান্ত হৈছে।

উল্লেখ্য যে বাংলাদেশত এই পৰ্যন্ত এক লাখৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।