NORTHEAST NOW (Assamese)
অসম

জনজাতীয় বেল্টত অজনজাতীয় লোকৰ সুৰক্ষাৰ বাবে বিশেষ আইনৰ দাবী নৱ শৰণীয়াৰ

Posted by: এন ই নাও নিউজ April 30, 2019 9:38 pm
8regHira

জনজাতীয় অঞ্চলত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ তেওঁৰ যুঁজ অব্যাহত ৰাখি সাংসদ নৱ শৰণীয়াই মঙলবাৰে অসমৰ জনজাতীয় বেল্ট তথা ব্লকসমূহত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ সুৰক্ষাৰ বাবে এক বিশেষ আইনৰ দাবী উত্থাপন কৰে।

‘’জনজাতীয় অঞ্চলৰ ভূমিত বহু লোক তথা পৰিয়ালে কেইবা প্ৰজন্ম ধৰি বসবাস কৰি থাকিব পাৰে… কোনোৱে কেনেকৈ তেওঁলোকৰ উচ্ছেদ দাবী কৰিব পাৰে,’’-নতুন দিল্লীত শৰণীয়াই এইদৰে কয়।

গুৱাহাটী উচ্চ ন্যায়ালয়ত নৰ্থইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ প্ৰসংগ উল্লেখ কৰি শৰণীয়াই অসম ভূমি ৰাজহ তথা নিয়ন্ত্ৰণ আইন,১৯৪৭ অনুসৰি জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত ভূমিৰ পৰা সকলো বেদখলকাৰী বিদেশী অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰে।

‘’আইনখন যেতিয়া বনোৱা হৈছিল অজনজাতীয় লোকসকলৰ স্বাৰ্থৰ কথাটো বিবেচনালৈ অনা হোৱা নাছিল। সেয়ে মই দাবী কৰো যে এখন সংশোধিত আইন আনিব লাগে যিয়ে জনজাতীয় বেল্টত বসবাস কৰি থকা অজনজাতীয় লোকসকলৰ বাবে ‘কাট অফ তাৰিখ’ৰ দৰে বিষয়সমূহৰ এটা স্পষ্ট ৰায় দিব পাৰে,’’-শৰণীয়াই কয়।

তেওঁ ৰাজ্যৰ বাকী অংশত বাংলাদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ হোৱাৰ দৰে জনজাতীয় অঞ্চলত এটা কাট অফ মাৰ্কৰ বাবে পৰামৰ্শ আগবঢ়ায়।

‘’জনজাতীয় বেল্টত বসবাস কৰি থকা অজনজাতীয় লোকসকলক কোনোৱে হাত দিব নোৱাৰে… আমি এনেধৰণৰ পদক্ষেপৰ বিৰুদ্ধে যুঁজ দিম আৰু প্ৰয়োজন হ’লে আমি আদালতত যাম,’’-শৰণীয়াই কয়।