NORTHEAST NOW (Assamese)
Popular Stories

তদন্ত কমিটিৰ সন্মুখত হাজিৰ হ’ল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2019 9:38 am
SC bench rejects petition accusing Bhushan in Ranjan Gogoi case

এক নজীৰবিহীন ঘটনাত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিলম্বিত মহিলা কৰ্মচাৰীৰ দ্বাৰা উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ উত্তৰ দিয়াৰ বাবে বুধবাৰে ন্যায়ালয়ে নিজাকৈ গঠন কৰা তদন্ত কমিটিৰ সন্মুখত হাজিৰ হয়।

মুখ্য ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে অভিযোগ অনা মহিলা গৰাকীয়ে ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বত তিনিজনীয়া সদস্যৰে গঠিত কমিটিৰ বিচাৰ প্ৰক্ৰিয়াৰ পৰা নিজক আঁতৰাই অনাৰ পিছতে কমিটিখনে ex parte (একতৰফা) বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ সিদ্ধান্ত লয়।

লগতে পঢ়ক শুনানিত অংশ নলয় ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাই

এইয়া যোৱা ২৬ এপ্ৰিলত অভিযোগকাৰীক জ্ঞাত কৰা সিদ্ধান্ত অনুসৰি কৰা হৈছে। ২৬ এপ্ৰিলত, অৰ্থাৎ শুনানিৰ প্ৰথম দিনা অভিযোগকাৰী মহিলাগৰাকীক জনাই দিয়া হৈছিল যে যদি তেওঁ কোনো সময়ত আঁতৰি আহে তেন্তে বিচাৰ প্ৰক্ৰিয়া একতৰফাভাৱে আগবঢ়াই নিয়া হ’ব। উচ্চ ন্যায়ালয়ৰ সূত্ৰ মতে তেওঁ উক্ত চৰ্ত মানি লৈছিল।

সেই অনুসৰি বুধবাৰে ‘ইন-হাউছ’ কমিটিয়ে শুনানিত অংশ ল’বলৈ মুখ্য ন্যায়াধিশলৈ এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰে। চিভিল প্ৰচিডিউৰ ক’ড (civil procedure code)ৰ অধীনত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী আৰু মুখ্য ন্যায়াধীশক তদন্ত কমিটিৰ সন্মুখত উপস্থিত হ’বলৈ চমন জাৰি কৰা নহয়, বৰঞ্চ অনুৰোধপত্ৰ পেৰণ কৰা হয়।

উক্ত অনুৰোধ ৰক্ষা কৰি মুখ্য ন্যায়াধীশ গগৈয়ে ‘ইন-হাউছ’ কমিটিৰ তিনিজনীয়া বিচাৰকৰ সন্মুখীন হয় আৰু তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিয়ে, উচ্চ ন্যায়ালয়ৰ সূত্ৰত প্ৰকাশ।

সূত্ৰটোৱে কয় যে যিহেতু তদন্তটো মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে উত্থাপিত এক অভিযোগ সন্দৰ্ভত আৰু কমিটিখন উচ্চতম ন্যায়ালয়ৰ সমূহ ন্যায়াধীশৰ আলোচনামৰ্মে গঠন হৈছিল, কমিটিয়ে ইয়াৰ তদন্তৰ প্ৰতিবেদন সম্পূৰ্ণ ন্যায়ালয়ৰ সন্মুখত দাখিল কৰিব।

লগতে পঢ়ক তদন্ত কমিটিৰ সন্মুখত হাজিৰ হ’ল ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ অনা প্ৰাক্তন মহিলা কৰ্মচাৰী

উল্লেখযোগ্য যে ৩০ এপ্ৰিলত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ই-মেইল যোগে, ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা মহিলাগৰাকীয়ে, ‘ইন হাউছ’ কমিটিৰ তদন্ত প্ৰক্ৰিয়াৰ পৰা ‘ন্যায় পোৱাৰ আশা নাই’ বুলি উল্লেখ কৰি বিচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহা কথা জনায়।