NORTHEAST NOW (Assamese)
অসম

‘ফেনি’ আতংক : উৰিষ্যাত আৱদ্ধ তীৰ্থযাত্ৰীক ঘুৰাই অনাৰ ব্যৱস্থা লৈছে অসম চৰকাৰে

Posted by: অনুপ শৰ্মা May 2, 2019 3:36 pm
8100ba88-5361-40aa-8564-cdc0921f2c16

এক প্ৰচণ্ড ঘুৰ্ণী বতাহ ‘ফেনী’য়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সম্ভাৱনাৰ বাবে উৰিষ্যাত আৱদ্ধা হৈ থকা অসমৰ ৪০গৰাকীতকৈয়ো অধিক তীৰ্থযাত্ৰী আৰু আন পৰ্যটক তথা ভ্ৰমণকাৰীক ঘুৰাই অনাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয় যে উৰিষ্যাত আৱদ্ধ হৈ থকা অসমৰ তীৰ্থযাত্ৰীসকলক ঘুৰাই আনিবলৈ বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে।

পুৰীৰ পৰা প্ৰথমখন বিশেষ ৰে’ল আজি ১২ বজাত যাত্ৰা কৰিছে। সেইদৰে দ্বিতীয়খন বিশেষ ৰে’ল পুৰীৰ পৰা হাওৰালৈ ৩ বজাত যাত্ৰা কৰিছে আৰু হাওৰালৈ তৃতীয়খন বিশেষ ৰে’ল সন্ধিয়া ৬ বজাত যাত্ৰা কৰিব।

এই বিশেষ ৰে’লকেইখন খুৰডা ৰোড, ভুৱনেশ্বৰ, কটক, জয়পুৰ কেওনঝাৰ ৰোড, ভদ্ৰক, বালেশ্বৰ আৰু খড়গপুৰ ষ্টেশ্যনত ৰখাব।

উল্লেখযোগ্য যে উৰিষ্যাৰ এটা অতিথিশালাত থকা তীৰ্থযাত্ৰীসকলৰ দলটো বৃহস্পতিবাৰে ১২ বজাত সেই স্থান এৰিবলৈ কোৱাৰ পাছত দিশহাৰা হৈ পৰে।

অতিথিশালাৰ বিষয়াই জানিবলৈ দিয়ে যে তেওঁলোকে বৃহস্পতিবাৰৰ ভিতৰত বিদ্যুৎসেৱা আৰু পানী যোগান সেৱা কৰ্তন কৰিব কিয়নো তাৰ ৰাজ্য চৰকাৰে ঘুৰ্ণী বতাহ ‘ফেনী’ৰ বাবে বিশেষকৈ উৰিষ্যাৰ উপকূলীয় অঞ্চললৈ এক কঠোৰ সকীয়নি জাৰি কৰিছে।