NORTHEAST NOW (Assamese)
অসম

চামগুৰিত চাঞ্চ্যলকৰ ডকাইতি, বৃদ্ধ দম্পতিক বান্ধি লুটি নিলে নগদ ধন

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 3, 2019 11:51 am
Rob

বহুদিন বিৰতিৰ অন্তত পুনৰ চামগুৰিত গা কৰি উঠিছে বিভিন্ন অপৰাধী চক্ৰই। চামগুৰিৰ কঠালগুৰিত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ ডকাইতি কাণ্ডক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

কঠলাগুৰিৰ ঝাৰুগাঁৱত মাজনিশা দুটাকৈ পৰিয়ালৰ ঘৰত এটা ডকাইতৰ দলে অতৰ্কিতে প্ৰৱেশ কৰি লুটিলে লক্ষাধিক টকাৰ নগদ ধন, ম’বাইল সহ বিভিন্ন যাৱতীয় সা-সম্পত্তি।

হাতে হাতে পিষ্টল লৈ প্ৰায় সাত জনীয়া ডকাইতৰ দলটোৱে প্ৰথমে মাণিক ফাংচ’ নামৰ এহাল দৰিদ্ৰ বৃদ্ধা দম্পতিৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ ভিতৰতে বান্ধি থৈ লুটি নিলে প্ৰায় তিনি হাজাৰ টকা সহ দুটাকৈ ম’বাইল ফোন।

ইয়াৰ পাছত সমীপতে থকা চানিকা মুণ্ডৰ পৰিয়ালৰ ঘৰত ডকাইতৰ দলটোৱে প্ৰৱেশ কৰি এক লাখৰো অধিক টকা লুটি নিয়াৰ লগতে পৰিয়ালটোৰ এজন বৃদ্ধৰ লগতে এগৰাকী যুৱতীক অমানুষিক অত্যাচাৰো চলায়। বৃদ্ধ লোকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰে।

ইফালে পুৱা স্থানীয় ৰাইজে নিশা সংঘটিত এই ডকাইতি কাণ্ডৰ বিষয়ে চামগুৰি আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ডকাইতৰ দলটোৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। এই পৰ্যন্ত ডকাইত কেইটাৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

আনহাতে ডকাইতৰ আক্ৰমণত বোয়াকৈ আহত হোৱা বৃদ্ধজনৰ লগতে যুৱতী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।