NORTHEAST NOW (Assamese)
অসম

‘ফেনি’ৰ তাণ্ডৱ লীলাৰ মাজত জন্ম লাভ কৰা নৱজাতকৰ নাম ৰাখিলে ফেনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2019 8:30 am
Fani born in hospital

বংগোপ সাগৰত সৃষ্টি হোৱা ভয়ংকৰ সামুদ্ৰিক ঘূৰ্ণী বতাহ ফেনিয়ে শুকুৰবাৰে তীৰ্থনগৰী পুৰীৰে ওড়িশাত প্ৰবেশ কৰি বিস্তৰ ক্ষতি সাধন কৰাৰ পাছত বৰ্তমান বাংলাদেশ হৈ উত্তৰ-পূৰ্বাঞ্চল অভিমুখে গতি কৰিছে। আজি সন্ধিয়াৰ ভাগত ফেনি আহি অসমত প্ৰবেশ কৰাৰ সম্ভাবনা আছে।

শুকুৰবাৰে পুৰী সাগৰ তীৰেৰে ওড়িশাত প্ৰবেশ কৰাৰ সময়তে ৰাজ্যখনৰ ৰাজধানী ভূৱনেশ্বৰৰ ৰে’লৱে হাস্পাতালত এগৰাকী মাতৃয়ে ৰাজ্যৰ খনৰ হাজাৰ হাজাৰ জনতাই ফেনিৰ লগত সংগ্ৰাম কৰি থকাৰ সময়ত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগক সাক্ষী কৰি জন্ম দিয়ে এজনী কন্যা সন্তান। এফালে ৰাজ্যত কাল ধুমুহাৰ কাল ৰূপত বিপৰ্যস্ত জন-জীৱন আৰু প্ৰাণী কূলৰ অসহায় আৰ্তনাদ, এনে সময়ত জন্ম লাভ কৰা কন্যা সন্তানগৰাকীৰ পিতৃ-মাতৃয়ে নাম ৰাখিল ‘ফেনি’।

ওড়িশালৈ ফেনি অহাৰ সময়তে পৃথিৱীলৈ অহা ফেনিৰ মাতৃ এগৰাকী ৰে’লৱেৰ কৰ্মচাৰী আৰু পিতৃ ৰে’লৰ ডবা মেৰামতি কৰা বিভাগৰ সহায়ক। বৰ্তমান সম্পুৰ্ণৰূপে সুস্থ অৱস্থাত আছে নৱজাতকগৰাকী।

আনহাতে, ফেনিৰ বাবে ওড়িশাৰ যোগাযোগ আৰু যাতায়ত ব্যৱস্থা প্ৰায় সম্পুৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বিমান আৰু ৰে’ল যোগাযোগ ব্যৱস্থা সম্পুৰ্ণৰূপে বন্ধ কৰি দিয়া হয়।

উল্লেখযোগ্য যে, আজি আবেলিৰ ভাগলৈ অসমত প্ৰবেশ কৰিব লগা বিধ্বংসী ঘূৰ্ণী বতাহ জাকৰ গতিবেগ ১৮০-২০০ কিলোমিটাৰৰ পৰা ৩০-৪০ কিলোমিটাৰলৈ হ্ৰাস পাব বুলি বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰে। ফেনিৰ প্ৰভাৱত উত্তৰ-পূবতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।

ইতিমধ্যে, কামৰূপ মহানগৰ প্ৰশাসনৰ লগতে অসমৰ সকলো জিলাতে ফেনিৰ বাবে আগতীয়াকৈ সতৰ্কতা মূলক ব্যৱস্থা গ্ৰহণ কৰি জাননী জাৰি কৰাৰ লগতে জিলা-প্ৰশাসনক সস্তম হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে।