NORTHEAST NOW (Assamese)
অসম

বৰষুণৰ আগলি বতৰা।। গুৱাহাটী-উজনি-নামনি-বৰাক উপত্যকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 12:07 am
Cyclone Fani: Weather forecast for Assam, Guwahati, North Lakhimpur, Dibrugarh, Silchar, Bongaigaon, Barak Valley, Upper Assam

ফেনিয়ে অসমত শনিবাৰলৈকে বিশেষ ক্ষয়-ক্ষতি কৰা নাই যদিও নগৰৰ ফুটপাথৰ ব্যৱসায়ীৰ পৰা কাৰ্য্যালয়, কলেজলৈ যোৱাসকলৈকে সকলোৰে চিন্তা এতিয়া– বৰষুণ এৰিব কেতিয়া?

আমি আপোনালোকলৈ আগবঢ়াইছো আগন্তুক তিনিদিনৰ বাবে গুৱাহাটীকে ধৰি উজনি, নামনি আৰু বৰাক উপত্যকাত বতৰৰ আগলি বতৰা।

ৰাজধানী গুৱাহাটীৰ লগতে বতৰৰ আগতীয়া জাননীৰ বাবে ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, শিলচৰ আৰু বঙাইগাওঁ সদৰ বাচি লোৱা হৈছে। কাষৰীয়া জিলাবাসীয়েও সংশ্লিষ্ট সদৰকেইখনৰ ৰিজনিৰে নিজ ঠাইৰ বতৰৰ অনুমান কৰিব পাৰিব।

 

গুৱাহাটী

মঙলবাৰে গুৱাহাটীত বৰষুণৰ সম্ভাৱনা (probability/ precipitation) শূন্য।

দেও আৰু সোমবাৰে আকাশত ডাৱৰ থাকিব, কিন্তু শনিবাৰৰ দৰে নেৰানেপেৰা বৰষুণ নাথাকে, বৰষুণৰ সম্ভাৱনা ২০ শতাংশ। বতাহৰ গতি ১৮ কিঃ মিঃ/ ঘণ্টা।

এই তিনিদিনত সৰ্বোচ্চ তাপমান থাকিব ৩৩ দিগ্ৰী আৰু সৰ্বনিম্ন ২২ দিগ্ৰী ছেলছিয়াছ।

 

উত্তৰ লখিমপুৰ

উত্তৰ লখিমপুৰত দেওবাৰেও নেৰানেপেৰা বৰষুণ থাকিব, সোমবাৰে কিছু কমিব কিন্তু বতৰ দঙাৰ আশা নাই।

মঙলবাৰে আকাশত ডাৱৰ থাকিব, কিন্তু বৰষুণৰ সম্ভাৱনা মাত্ৰ ২০ শতাংশ।

ঠাইখনত এই তিনিদিনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ক্ৰমে ৩০ আৰু ২২ দিগ্ৰী ছেলছিয়াছ।

 

ডিব্ৰুগড়

ডিব্ৰুগড়তো মঙলবাৰেহে বতৰ দঙাৰ আশা আছে, বৰষুণৰ সম্ভাৱনা মাত্ৰ ১০ শতাংশ। দেওবাৰে বৰষুণ নেৰানেপেৰা থাকিব, সোমবাৰে সামান্য কমিব।

এই তিনিটা দিনত ডিব্ৰুগড়ৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা থাকিব ক্ৰমে ২৯ আৰু ২১ দিগ্ৰী ছেলছিয়াছ।

 

বঙাইগাওঁ

বঙাইগাঁৱত মঙলবাৰে বৰষুণৰ সম্ভাৱনা কম, মাত্ৰ ১০ শতাংশ। কিন্তু দেও আৰু সোমবাৰে বৰষুণ অব্যাহত থাকিব। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ক্ৰমে ৩২ আৰু ২২ দিগ্ৰী ছেলছিয়াছ।

 

শিলচৰ

বৰাক উপত্যকাৰ প্ৰধান চহৰখনত দেও আৰু মঙলবাৰে বৰষুণ অব্যাহত থাকিব। সোমবাৰে আকাশত ডাৱৰ থাকিব, বৰষুণৰ সম্ভাৱনা ২০ শতাংশ।

সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ক্ৰমে ৩৩ আৰু ২৩ দিগ্ৰী ছেলছিয়াছ।

 

(সৌজন্য– weather.com, google)