NORTHEAST NOW (Assamese)
অসম

‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত ৰীমা দাস

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 12:06 pm
assamese-wikipedia-rima-das-750x375

‘বুলবুল কেন ছিং’ ছবিৰ বাবে অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালিকা ৰীমা দাসক ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ পৰিচালক বঁটাৰ বাবে মনোনীত কৰা হৈছে।

আজি ফে’চবুকত পৰিচালিকা গৰাকীয়ে এক পষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰে কয়, ‘প্ৰসিদ্ধ নিউয়ৰ্ক ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ট পৰিচালকৰ বাবে মনোনীত হ’বলৈ পাই খুবেই ভাল লাগিছে। মোক মনোনীত কৰা সকলোলৈকে মই বহুত ধন্যবাদ জনাইছো।’

৭ৰ পৰা ১২ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এইবৰ্ষৰ ‘নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল’ত ৰীমা দাসৰ উপৰি আৰু ৪ গৰাকী পৰিচালকক উক্ত বঁটাৰ বাবে মনোনীত কৰা হৈছে।

উল্লেখযোগ্য যে বুলবুল কেন ছিং ছবিখনৰ বাবে ৰীমা দাসে যোৱা মাৰ্চ মাহত ডাবলিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল।