NORTHEAST NOW (Assamese)
অসম

সতীৰ্থৰ গুলীত নিহত ভোলানাথ দাসৰ শেষকৃত্য সামৰিক মৰ্যাদাৰে সম্পন্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 5:45 pm
last rite

পশ্চিম বংগত সতীৰ্থৰ গুলীত নিহত হোৱা অসম আৰক্ষীৰ ৭ নম্বৰ বেটেলিয়নৰ উপ-পৰিদৰ্শক নগাঁৱৰ ভোলা নাথ দাসৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ সামৰিক মৰ্য্যাদাৰে নিজগৃ্হত আজি সম্পন্ন কৰা হয়।

নগাওঁ জিলাৰ তুলসিমুখ পশ্চিম গোহাঁই গাঁৱৰ ভোলা নাথ দাসৰ যোৱা ২ মে’ত মৃত্যু হয় যদিও জোৱানজনৰ মৃতদেহ আজি পুৱতি নিশা স্ব-গৃহ পাইহি। মৃতদেহ আহি ঘৰ পোৱাৰ লগে লগে ঘৰখনত কান্দোনৰ ৰোল উঠে। অগণন লোকে শেষবাৰৰ বাবে তেওঁক এবাৰ চাবলৈ আহি ভিৰ কৰে ঘৰখনত।

জোৱানজনৰ অন্তেষ্টিক্ৰিয়া অনুষ্ঠানতে শোকত ভাগি পৰা পৰিয়ালৰ লোকে উপ পৰিদৰ্শক ভোলা নাথ দাসৰ মৃত্যুৰ কাৰণ খোদ অসম আৰক্ষী বুলি মন্তব্য কৰে। মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জনাৰ পাছতো কিয় হত্যাকাৰী লক্ষ্মীকান্ত বৰ্মনক নিৰ্বাচনী কামত বহিঃৰাজ্যত নিয়োগ কৰা হৈছিল বুলিও প্ৰশ্ন উত্থাপন পৰিয়ালৰ লোকৰ।

ইয়াৰ উপৰি হত্যাকাণ্ডটোৰ উচিত তদন্ত কৰি হত্যাকাৰী জোৱান লক্ষ্মীকান্ত বৰ্মনক শাস্তি প্ৰদানৰো দাবী জনায় ভোলানাথ দাসৰ পৰিয়ালে।

উল্লেখ্য যে যোৱা ২ মে’ত অসম আৰক্ষীৰ সাত নম্বৰ বাহিনীৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজৰ ইনচাৰ্জ ৰাইফলেৰে ১৮ জাঁই গুলী চালনা কৰি উপ পৰিদৰ্শক ভোলানাথ দাস আৰু ডিব্ৰুগড়ৰ অনিল ৰাজবংশীক হত্যা কৰিছিল। ইয়াৰ উপৰি এই গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা ৰণ্টুমণি মেধি নামৰ আন এজন জোৱান এতিয়াও চিকিৎসাধীন হৈ আছে।

আজি অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক সত্যব্ৰত ৰায় মেধি উপস্থিত থাকি মৃতদেহত মাল্যাৰ্পণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।