NORTHEAST NOW (Assamese)
অসম

জি আই এম টি, তেজপুৰত কেৰিয়াৰ সজাগতা সভাৰ আয়োজন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 9:25 pm
997bb35f-94a3-495c-b7c9-0bf2a45719ba

আজি সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা National Eligibility Cum Entrance Test (NEET) পৰীক্ষা ৰাজ্যখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰ পৰীক্ষাকেন্দ্ৰতো অনুষ্ঠিত হয়।

পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষাকেন্দ্ৰ চৌহদত উপস্থিত থকা অভিভাৱক সকলৰ সহায়ক হোৱাকৈ মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এখনি আকৰ্ষণীয় কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়।

দিনৰ ২.৩০ বজাৰ পৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত সভাখনত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড০ বুলজিৎ বুঢ়াগোহাঁয়ে।

অনুষ্ঠানটোত কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে আগ্ৰহী অভিভাৱকসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়োৱাৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬ বজাৰ পৰা ৯ বজালৈ ফোনযোগে আগবঢ়োৱা তেওঁৰ কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।

এম বি বি এছ (MBBS) পাঠ্যক্ৰমৰ উপৰি চিকিৎসা খণ্ডৰ অন্যান্য পাঠ্যক্ৰম বি ডি এছ, আয়ু্ৰ্বেদিক, হোমিঅ’পেথিক, ফাৰ্মাচী, নাৰ্ছিং ছায়েঞ্চ আদিৰ বিষয়ে বিতংকৈ আলোচনা কৰাৰ লগতে চিকিৎসাৰ লগত জড়িত কেৰিয়াৰ মেডিকেল ৰিপ্ৰিজেণ্টেটিভ আদিৰ বিষয়েও তেওঁ বিষদ বাখ্যা আগবঢ়ায়।