NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিজন অবৈধ বাংলাদেশী নাগৰিক

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ May 7, 2019 6:52 pm
arrest-750x375

অবৈধ বাংলাদেশীৰে গিজগিজাই থকা অসমত পুনৰ গ্ৰেপ্তাৰ হ’ল তিনিজনকৈ অবৈধ বাংলাদেশী নাগৰিক। সোমবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দুটা ভিন্ন অঞ্চলৰ পৰা আৰক্ষীয়ে বাংলাদেশী নাগৰিক তিনিজনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা নাগৰিক কেইজনক ক্ৰমে নাৰায়ণ বিশ্বাস, মুন্না বিশ্বাস আৰু হেকমত আলী বুলি চিনাক্ত কৰিছে। উল্লেখ্য যে বিদেশী ন্যায়াধীকৰণে পূৰ্বেই বিদেশী বুলি ঘোষণা কৰা এই লোক তিনিজন প্রায এবছৰ ধৰি পলাতক অৱস্থাত আছিল।

সোমবাৰে উপ আৰক্ষী অধীক্ষক ফাৰুখ আহমেদৰ নেতৃত্বত নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জেমছ ভি চিমতে আৰু সীমান্ত আৰক্ষীৰ উপ পৰিদৰ্শক মফিদুল ইছলামৰ নেতৃত্বত যোৱা দলে নাৰায়ণপুৰৰ পানবাৰী আৰু গোসাঁইপুখুৰী অঞ্চলৰ পৰা বাংলাদেশী নাগৰিক তিনিজনক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা তিনিওজন বাংলাদেশী নাগৰিককে পাছত তেজপুৰস্থিত ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে।