NORTHEAST NOW (Assamese)
অসম

প্ৰায় ৪৭ লাখ টকা মূল্যৰ ৯খন চোৰাং সোণৰ বিস্কুটসহ আটক এজন ব্যক্তি

Posted by: অভিক চক্ৰবৰ্তী Updated by: অভিক চক্ৰবৰ্তী May 7, 2019 9:38 pm
Gold Biscuit

শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন স্থানৰ সমান্তৰালকৈ মহানগৰীৰ বিমানবন্দৰ-ৰে’ল ষ্টেশ্যন আদিত কেইবা কোটি টকা মূল্যৰ অবৈধ সোণৰ বিস্কুট জব্দ হোৱাৰ পিছত আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা পুনৰ জব্দ হয় প্ৰায় ৪৭ লক্ষাধিক টকাৰ মূল্যৰ ৯ খনকৈ সোণৰ বিস্কুট।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ’ৰ্চে নিয়মীয়া তালাচীৰ সময়ত চমন লাল মেহতা(৬০) নামৰ এজন ব্যক্তিৰ পৰা প্ৰায় ডেৰ কেজি ওজনৰ সোণৰ বিক্সুট কেইখন জব্দ কৰে।

ডিব্ৰুগড়-নতুন দিল্লী ইণ্ডিগ’ (২০৬) বিমানৰ উৰণৰ পূৰ্বে চলোৱা তালাচীতে উক্ত লোকজনৰ পৰা সোণৰ বিক্সুট কেইখন জব্দ কৰে।

‘দিল্লীৰ এটা পাৰ্টিক যোগান ধৰাৰ উদ্দেশ্যে আটকাধীন লোকজনে ডিব্ৰুগড়ৰ এজন লোকৰ পৰা সোণৰ বিস্কুট কেইখন লৈছিল। অনুসন্ধান চলাই থকা হৈছে আৰু ঘটনা সংক্ৰান্তত আৰু অধিক লোক আটক হ’ব পাৰে’। এই মন্তব্য কৰিছে এজন আৰক্ষী বিষয়াই।

উল্লেখ্য যে বৰ্তমান অবৈধ সোণ সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে অসম। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চোৰাং ঘাটিসমূহৰ পৰা গুৱাহাটী হৈ এই চোৰাং সোণ তথা আন অবৈধ সামগ্ৰী বাহিৰলৈ সৰবৰাহ হয়।