NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত আমছুৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 13, 2019 3:32 pm
IMG_20190513_115028

সমগ্ৰ অসমৰ লগতে বিশ্বনাথতো আজি আমছুৱে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ আপত্তিৰ নামত ৰাইজক কৰি অহা অযথা হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আজি সংখ্যালঘু ছাত্ৰ সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিয়ে  বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

আনহাতে, ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ লগতে, বিদেশীৰ নামত স্বদেশী লোকক হাৰাশাস্তি চলোৱা বন্ধ কৰক ইত্যাদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি সংগঠনটোৱে বিশ্বনাথৰ জিলা উপায়ুক্তৰ জৰিয়তে এন আৰ চিৰ  সমন্বয়ক প্ৰতীক হাজেলা, ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া (আৰ জি আই) আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ দাবী সম্বলিত  স্মাৰক পত্ৰ একোখন প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, নাগৰিকপঞ্জী উন্নীতকৰণৰ আপত্তি প্ৰক্ৰিয়াৰ শুনানি আৰম্ভ হোৱাৰে পৰা আমছুই আছু,আবছু আৰু খিলঞ্জীয়া সংগঠনসমূহৰ বিৰুদ্ধে যধে-মধে আপত্তি প্ৰক্ৰিয়াত সহযোগ কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে।