NORTHEAST NOW (Assamese)
অসম

হিংসাত্মক বিক্ষোভকাৰীক ‘দেশপ্ৰমিক’ আখ্যা ইভাংকাৰ! তাৰ পাছত কি হ’ল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 7, 2021 7:56 pm
Inanka with father Donald Trump

ডোনাল্ড ট্ৰাম্পৰ কন্যা তেওঁ। স্বাভাৱিকতে পিতৃৰ দৰেই মেজাজ হেৰুৱাটোও আচচৰিত কথা নহয়। সেয়ে, ডোনাল্ড ট্ৰাম্পৰ দৰেই আগ-পিছ নাভাৱি দিলে এনে এক মন্তব্য।

ৱাশ্বিংটন ডিচিত হিংসাত্মক তাণ্ডৱ সৃষ্টি কৰা ট্ৰাম্পৰ সমৰ্থনকাৰীসকলক দেশপ্ৰেমিক বুলি টুইটাৰত লিখে ইভাংকা ট্ৰাম্পে।

ইয়াৰ পাছতে পৰিস্থিতিৰ বিপৰীত প্ৰতিক্ৰিয়া বুজি উঠি সেই টুইট মচিও পেলায় ইভাংকাই।

জো বিডেনৰ বিজয়ক ছীলমোহৰ মাৰিবলৈ মাৰ্কিন কংগ্ৰেছ সাজু হোৱাৰ সময়তে সহস্রাধিক ট্রাম্প সমর্থকে বেৰিকেড ভাঙি সংসদ ভৱনত প্ৰৱেশৰ চেষ্টা কৰে।

আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদকাৰীসকল। সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যুও হয়। এই প্ৰতিবাদ কোনো প্ৰকাৰে শান্তিপূৰ্ণ নাছিল।

ট্ৰাম্প কন্যা ইভাংকাই টুইটত লিখিছিল যে আমেৰিকাৰ দেশপ্ৰেমিকসকলে নিৰাপত্তা বেষ্টনী ভঙা তথা আৰক্ষী প্ৰশাসনক অমান্য কৰা গ্ৰহণযোগ্য নহয়। হিংসা এতিয়া বন্ধ হোৱা উচিত। অনুগ্ৰহ কৰি শান্তি বজাই ৰাখক।

এই টুইটক লৈ কটাক্ষ, প্ৰতিবাদ আৰম্ভ হোৱাৰ পাছতেই ইভাংকাই টুইটটো ডিলিট কৰি পেলায়।

screen shot

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ এগৰাকী সাংবাদিকে টুইটটোৰ স্ক্ৰীণ শ্বট তুলি ইভাংকাক সোধে যে এই লোকসকলকে আপুনি দেশপ্ৰেমিক বুলি কৈছেনে? সেইটো স্পষ্ট কৰি জনাওক।

ইয়াৰ উত্তৰত ইভাংকাই কয় যে নহয়, শান্তিপূৰ্ণ প্ৰতিবাদকহে দেশপ্ৰেম বুলিছো, হিংসা গ্ৰহণযোগ্য নহয়।