NORTHEAST NOW (Assamese)
অসম

আছুৰ কাৰ্য্যালয়ত আক্ৰমণৰ ঘটনা এন আৰ চি প্ৰক্ৰিয়া বাধাগ্ৰস্ত কৰাৰ চেষ্টা : সমুজ্জ্বল ভট্টাচাৰ্য্য

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক May 13, 2019 8:10 pm

আছুৰ বাসুগাঁৱৰ কাৰ্য্যালয় লণ্ডভণ্ড আৰু চহিদ বেদীত ক’লা ৰং সনা ঘটনাক এই এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰাৰ বাবে দুষ্টচক্ৰই কৰা অপচেষ্টা বুলি আজি অভিহিত কৰিছে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

২০১৭ চনৰ চিলাপথাৰ কাণ্ডৰ পাছত ১২ মে’ত দ্বিতীয়বাৰৰ বাবে আছুৰ কাৰ্য্যালয়ত আঘাত হনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ছাত্ৰ সংগঠনটোৰ উপদেষ্টাজনে।

আছুৰ গুৱাহাটীৰ কাৰ্য্যালয় চহিদ ন্যাসত সংবাদ মাধ্যমৰ আগত ভট্টাচাৰ্য্যই কয়, “অবৈধ বাংলাদেশীৰ নামমুক্ত এখন শুদ্ধ এন আৰ চি প্ৰকাশক বাধাগ্ৰস্ত কৰিবলৈ দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে। এন আৰ চিৰ শেষ পৰ্য্যায়ৰ কাম চলি থকাৰ সময়ত এই সমগ্ৰ প্ৰক্ৰিয়াটোক বিপথে নিব বিচাৰিছে”।

এই সময়ত ছাত্ৰ সন্থাৰ অসমৰ সকলো কৰ্মকৰ্তা আৰু সাধাৰণ ৰাইজক উত্তেজিত নহৈ সংযম ৰক্ষা কৰি চলিবলৈও আছুৰ উপদেষ্টাগৰাকীয়ে আহ্বান জনায়।

চৰকাৰক দোষীক শীঘ্ৰেই কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনায় ছাত্ৰ নেতাজনে।

উল্লেখ্য যে, ২০১৭ চনৰ ৬ মাৰ্চত ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছিল অনুৰূপ ঘটনা। এটা বাঙালী সংগঠনৰ সুবোধ বিশ্বাস নামৰ এজন নেতাৰ নেতৃত্বত  নিখিল ভাৰত বেংগলী উদ্বাস্তু সমন্বয় সমিতি (নিব্বাছ) নামৰ সংগঠনটোৰ কৰ্মীয়ে আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছিল।

ঘটনাটোৰ বুজ ল’বলৈ আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল আজি বাসুগাঁৱলৈ যায়।