NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ প্ৰশাসনৰ উচ্ছেদত গৃহহীন হৈ পৰিল ১৪টা পৰিয়াল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 13, 2019 10:18 pm
eviction in Sivasagar

আজি শিৱসাগৰ জিলা প্ৰশাসনে এক বিশাল আৰক্ষী বাহিনী লগত লৈ ঐতিহাসিক ন পুখুৰীৰ পাৰত আশ্ৰয় লৈ থকা প্ৰায় চৈধ্যতা পৰিয়ালৰ ঘৰত উচ্ছেদ অভিযান চলায়।

যোৱা শনিবাৰে জিলা প্ৰশাসনে উক্ত পৰিয়াল কেইটাক ঘৰ খালি কৰাৰ বাবে জাননী প্ৰেৰণ কৰিছিল। আৰু সেই ভিত্তিতেই আজি পুৱা আমগুৰি ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়াৰ উপস্থিতিত এক বিশাল আৰক্ষী বাহিনীয়ে পৰিয়াল কেইটাৰ বাসগৃহ সমূহ জেচিবি লগাই ভাঙি দিয়ে।

অচম্বিতে জিলা প্ৰশাসনে চলোৱা উচ্ছেদৰ বাবে এতিয়া উপায়ন্তৰ হৈ পৰিছে উক্ত পৰিয়াল কেইটা। গৃহহীন  হৈ পৰা উক্ত পৰিয়াল কেইটাৰ বহুতো ল’ৰা-ছোৱালী স্কুল-কলেজত পঢ়ি থকাৰ লগতে বহু বৃদ্ধাই সমস্যাত পৰা পৰিলক্ষিত হৈছে।

প্ৰায় চল্লিছ বছৰ ধৰি এই দুখীয়া ভূমিহীন কৈৱৰ্ত জনগোষ্ঠীৰ পৰিয়াল কেইটাই এই পুখুৰীটোৰ পাৰত জীৱন নিৰ্বাহ কৰি আছিল।

আনহাতে উক্ত ন পুখুৰী পাৰৰ উচ্ছেদ সন্দৰ্ভত সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটি সজাতি দলে আজি শিৱসাগৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰি অতি শীঘ্ৰে উচ্ছেদিত প্ৰকৃত ভূমিহীন পৰিয়াল কেইটাক সংস্থাপন দিয়াৰ দাবীৰে এক স্মাৰক পত্ৰ প্ৰদান কৰে।

ইয়াৰ উপৰি কৈৱৰ্ত ছাত্ৰ সন্থাই ঐতিহাসিক পুখুৰী পাৰত চলোৱা উচ্ছেদ কাৰ্যক আদৰণী জনোৱাৰ লগতে সংৰক্ষণৰো পোষকতা কৰিছে। কিন্তু বৈষম্য মূলক ভাৱে নিদিষ্ট ঠাই সমূহ বাছি লোৱাতো উদ্বেগজনক বুলি উল্লেখ কৰিছে।

আনহাতে পৰিয়াল কেইটাই ঘৰ এৰিবলৈ সাজু আছিল যিহেতু তেওঁলোকক কিছু সময় দিয়াৰ প্ৰয়োজন আছিল বুলিও মন্তব্য কৰে কৈৱৰ্ত ছাত্ৰ সন্থাই।

ইফালে গৃহহীন হৈ পৰা প্ৰায় ৯ টা পৰিয়ালক কৈৱৰ্ত ছাত্ৰ সন্থা আৰু স্থানীয় মানৱ দৰদী ৰাইজে আজি পুৰণি পুখুৰী পাৰৰ  ৰাজহুৱা ৰংগমঞ্চতে নিশা কটাবলৈ এক আশ্ৰয় শিবিৰ মুকলি কৰি দিছে। বৰষুণ আৰু বাৰিষাৰ মাজতে এনেদৰে হঠাৎ চলোৱা উচ্ছেদ অভিযানক অমানৱীয় বুলি একাংশ ৰাইজে মত পোষণ কৰিছে।