NORTHEAST NOW (Assamese)
অসম

অচিৰেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ৫০ শতাংশ ঘৰভাড়া, বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2019 11:09 am
dy365_1480395184

অচিৰেই ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে ৫০ শতাংশ ঘৰভাড়া আৰু বিনামূলীয়া চিকিৎসা সেৱা আঁচনিৰ সুবিধা লাভ কৰিব। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ এই সু-সংবাদ আহি থকাৰ বিষয়ে অৱগত কৰিছে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰধান সম্পাদক ফকৰ উদ্দিন আহমেদে।

নগাঁও সদৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যোগত  নগাঁৱৰ ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোমবাৰে নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ ৩৫ সংখ্যক মধ্যকালীন অধিৱেশন উপলক্ষে অনুষ্ঠিত মুকলি সভাত কৰ্মচাৰী পৰিষদৰ সম্পাদকপ্ৰধানগৰাকীয়ে এই কথা সদৰী কৰে।

তেওঁ লগতে কয় যে কৰ্মচাৰীসকলে অকল চৰকাৰী সা-সুবিধা ল’লেই নহ’ব, তেওঁলোকে নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্যও পালন কৰিব লাগিব।

আনহাতে, সভাত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সকলো চৰকাৰী বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰা, ভেন্সাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি কাতিবৰ চেঙাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীণ চন্দ্ৰ শৰ্মা, পৰিষদৰ জিলা সাধাৰণ সম্পাদক জিতেন চন্দ্ৰ হাজৰিকা, ৰাজ্যিক যুটীয়া সম্পাদক শ্যামন্ত দাসকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।