NORTHEAST NOW (Assamese)
Popular Stories

ৰূপ-লাৱণ্যত ধ্যানভংগ সতীৰ্থসকলৰ! গেমছ ভিলেজৰ পৰা অপসাৰিত সুন্দৰী সন্তৰণবিদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2024 10:36 am

সুন্দৰীৰ ৰূপত মুগ্ধ হোৱাটো কোনো নতুন কথা নহয়। যুগ যুগ ধৰি ৰূপৰ জুইৰ আগত বহু মানুহৰ ধ্যান ভাঙি গৈছে। কিন্তু কোনে জানিছিল যে সেই জুইৰ ৰেশ অলিম্পিকতো আহি উপনীত হ’ব? আৰু পৰিস্থিতি ইমানেই অৱনতি ঘটিল যে অৱশেষত এগৰাকী মহিলা প্ৰতিযোগীয়ে গেমছ ভিলেজ এৰিবলগীয়া হ’ল! অভিযোগ অনুসৰি তাত তেওঁ ‘অসংগত’ পৰিৱেশৰ সৃষ্টি কৰিছিল।

এই প্ৰতিযোগীগৰাকী কোন? আৰু তেওঁ কেনেকৈনো সৃষ্টি কৰিছে ‘অসংগত’ পৰিৱেশ? তেওঁৰ নাম লুয়ানা এল’নছ’। বয়স মাত্ৰ ২০ বছৰ। যদিও পেৰাগুৱেৰ এই প্ৰতিযোগীগৰাকী সাঁতোৰৰ বাবে পৰিচিত, বৰ্তমান তেওঁ অন্যান্য কাৰণতহে চহৰখনৰ চৰ্চাৰ বিষয় হৈ পৰিছে। কাৰণ বাকী খেলুৱৈসকলে এই সুন্দৰীৰ উপস্থিতিত খেলত মনোনিৱেশ কৰিবলৈ অসুবিধা পাইছিল। জনা যায় যে তেওঁ গেমছ ভিলেজত চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰিছিল। আন খেলুৱৈসকলৰ লগত অলপ বেছি অন্তৰংগ হ’বলৈ চেষ্টা কৰিছিল।

অলিম্পিকত সাঁতোৰৰ ১০০ মিটাৰ বাটাৰফ্লাইত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে লুয়ানাই। ছেমি ফাইনেলত মাত্ৰ ০.২৪ ছেকেণ্ডত পৰাস্ত হয়। আৰু তাৰ পিছতে তেওঁ সাঁতোৰৰ পৰা অৱসৰ ল’লে। সেইটো ২৭ জুলাইত হৈছিল। গেমছ ভিলেজত বাকী দিনবোৰ যিধৰণে কটাইছিল তাত পেৰাগুৱেৰ দলটোৱে যথেষ্ট হতাশ হৈ পৰিছিল।

লগতে পঢ়কঃ নীৰজৰ স্বৰ্ণ পদক আজুৰি নিলে আৰ্ছাদে! ৰূপৰ পদক লাভ কৰিও অলিম্পিকত ইতিহাস ভাৰতীয়ৰ

পেৰাগুৱেৰ দল পৰিচালনাই স্পষ্টকৈ কৈছিল, “তেওঁৰ উপস্থিতিয়ে পেৰাগুৱেৰ দলত অসংগত পৰিৱেশ সৃষ্টি কৰিছিল। অৱশ্যে লুয়ানা ৰাতি গেমছ ভিলেজত থাকিব নে নাথাকে সেয়া সম্পূৰ্ণ তেওঁৰ সিদ্ধান্ত।” লুয়ানাই অৱশ্যে সেইটোক লৈ কোনো গুৰুত্ব নিদিয়ে। তেওঁৰ বক্তব্য, “কোনোৱে মোক বাহিৰ কৰি দিয়া নাই। এই বিষয়ে মই কোনো মন্তব্য দিব নিবিচাৰো। কিন্তু এই সকলোবোৰ কথাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই।” অৱশ্যেই পেৰাগুৱেৰ দলৰ সদস্যসকলে সেইটো অতি ভালকৈয়ে অনুভৱ কৰিছে।