NORTHEAST NOW (Assamese)
Popular Stories

ছাত্ৰ-ছাত্ৰীৰ কা’ বিৰোধী আন্দোলনক সমৰ্থন দিয়াৰ বাবে চাকৰি গ’ল শিক্ষয়িত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2019 10:58 am
Anti-CAA-protest-in-Titabar.-Image-credit-Twitter-750x375 Humanitarian act: Global communities of Bangladesh minorities support CAA

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ভাগ লোৱা স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক সমৰ্থন আগবঢ়োৱাৰ বাবেই চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লগীয়া হ’ল কেন্দ্ৰীয় চৰকাৰী বিদ্যালয়ৰ এগৰাকী অসমীয়া শিক্ষয়িত্ৰী।

যোৰহট জিলাৰ তিতাবৰস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয় কৰ্তৃপক্ষই নন্দিতা বৰা নামৰ শিক্ষয়িত্ৰী গৰাকীক চাকৰিৰ পৰা অব্যাহতি দিয়ে।

জানিব পৰা মতে বিদ্যালয়খনৰ একাংশ ছাত্ৰীয়ে জাতিধ্বংসী নাগৰিকত্ব আইনখন বাতিলৰ দাবীত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বিদ্যালয়খনৰে এগৰাকী বহিঃৰাজ্যৰ শিক্ষকে এই প্ৰতিবাদক তাচ্ছিল্ল্য কৰে।

শিক্ষকগৰাকীৰ এনে মন্তব্যক ছাত্ৰীসকলে গৰিহনা দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। এই ক্ষেত্ৰত ছাত্ৰীসকলক সমৰ্থন আগবঢ়াইছিল শিক্ষয়িত্ৰী নন্দিতা বৰাই।

ইয়াৰ পিছতে CAA বিৰোধী আন্দোলনত অংশ লোৱাৰ অভিযোগত বিদ্যালয়খনৰ অধ্যক্ষই শিক্ষয়িত্ৰীগৰাকীক চাকৰিৰ পৰা অব্যাহতি দিয়ে।

এই আইনখনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ হৈ থকাৰ সময়তে এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক এইদৰে চাকৰিৰ পৰা অব্যাহতি দিয়া কাৰ্যক ছাত্ৰ সমাজৰ লগতে বিভিন্ন জনে গৰিহনা জনাইছে।