NORTHEAST NOW (Assamese)
Popular Stories

পিছুৱাই দিয়া হ’ল ২৭ ডিচেম্বৰৰ ১২ ঘণ্টীয়া অসম বন্ধৰ কাৰ্যসূচী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2019 12:49 pm
10regbandh

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আপোচবিহীনভাৱে আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে আহ্বান জনোৱা ২৭ ডিচেম্বৰৰ অসম বন্ধটো পিছুৱাই দিছে।

এতিয়া ২৭ ডিচেম্বৰৰ পৰিৱৰ্তে অহা ৩০ ডিচেম্বৰত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সংগঠনটোৱে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।

সংগঠনটোৰ সভাপতি প্ৰদীপ কলিতাই জানিবলৈ দি কয় যে ২৭ ডিচেম্বৰৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন পৰীক্ষা থকা বুলি জানিব পাৰিয়েই আমি বন্ধ কাৰ্যসূচীতো পিছুৱাই দিছো।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সংঘঠনটোৱে ৩০ ডিচেম্বৰৰ পুৱা পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী পালন কৰিব।

সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে পালন কৰিবলৈ আহ্বান জনোৱা এই বন্ধ কাৰ্যসূচীক বিভিন্ন দল-সংগঠনেও সমৰ্থন আগবঢ়োৱা বুলি কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসমে জানিবলৈ দিয়ে।