NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আটক পাঁচগৰাকী ৰহিংগিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2019 7:34 pm
arrested five Rohingyas

অবৈধ বাংলাদেশীয়ে জুৰুলা কৰা অসমত এইবাৰ আন এখন দেশৰ অবৈধ নাগৰিকে বিপাঙত পেলাইছে আৰক্ষী প্ৰশাসনক। বিগত দিনত কেইবাজনো ৰহিংগিয়া অসম আৰক্ষীৰ জালত পৰাৰ পাছত আজি পুনৰ গুৱাহাটী ৰে’লৱে ষ্টেশ্যনত আটক হ’ল পাঁচগৰাকী ৰহিংগিয়া নাগৰিক।

গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ ১ নং প্লেটফ’ৰ্মত ৰে’লৱে আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচিৰ সময়তে উক্ত ৰহিংগিয়া নাগৰিক কেইজনক আটক কৰে।

ৰে’লৱে আৰক্ষীয়ে প্ৰথমে আটক কৰিছিল দুজন ল’ৰা আৰু এজনী ছোৱালীক। ধৃত তিনিওজনে আৰক্ষীৰ ওচৰত নাগৰিকত্বৰ প্ৰমাণ দিব পৰা নাছিল। ইয়াৰ পাছতে আৰক্ষীয়ে তিনিওজনকে সোধা-পোচা কৰাত পুনৰ দুজন ল’ৰাক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে ধৃত বিদেশী লোক কেইজন ম্যানমাৰৰ আৰু তেওঁলোকে নতুন দিল্লীস্থ য়ুনাইটেড নেশ্যনেল হাই কমিশ্যন অব ৰিফিউজিৰ পৰা শৰণাৰ্থী প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবৰ বাবে নতুন দিল্লীলৈ যাব আহিছিল। এই কথা ৰে’লৱে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে।

ৰে’লৱে আৰক্ষীৰ জালত পৰা লোক কেইজনক ক্ৰমে মাকাকম্যায়ুম চেহনাছ, মঃ জুবাৰ, মঃ কামাল হুছেইন, নুৰুল হাকিম আৰু মঃ কালিমুলা বুলি ৰে’লৱে আৰক্ষীয়ে চিনাক্ত কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ২০১৮ চনত মণিপুৰ আৰক্ষীয়ে এই কেইগৰাকী ৰহিংগিয়াক গ্ৰেপ্তাৰ কৰিছিল।