NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ দ্বিজু সংৰক্ষিত বনাঞ্চলত হস্তনিৰ্মিত বন্দুক উদ্ধাৰ; ৩ চোৰাংচিকাৰীৰ পলায়ন

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা May 16, 2019 12:17 pm

নগাঁৱৰ চামগুৰিৰ সমীপৱৰ্ত্তী তথা শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ উত্তৰ দ্বিজু সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা মাৰানাস্ত্ৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি ব্যাপক চাঞ্চ্যলৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে বুধবাৰে নিশা বনাঞ্চলখনত শালবাৰি খণ্ড বন বিভাগৰ বিষয়া-বনৰক্ষী আৰু চামগুৰি আৰক্ষীয়ে যুটীয়া অভিযান চলাই হস্তনিৰ্মিত এনলীয়া বন্দুকটো উদ্ধাৰ কৰে। কালি দিনৰ ভাগত চোৰাংচিকাৰিৰ এটা দল বনাঞ্চলখনত প্ৰৱেশ কৰাৰ সম্ভেদ পাই বন বিভাগ আৰু আৰক্ষীয়ে অতৰ্কিতে যুটীয়াভাৱে চলাইছিল অভিযান।

অৱশ্যে নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ৩ জনীয়া চোৰাংচিকাৰিৰ দলটোৱে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। চোৰাংচিকাৰীৰ দলটোৱে বনৰীয়া হাতী চিকাৰ কৰিবলৈ বনাঞ্চলখনত প্ৰবেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগৰ লোকে।

উত্তৰ দ্বিজু সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হোৱা এনলীয়া হস্তনিৰ্মিত বন্দুকটো আজি চামগুৰি আৰক্ষীক গটাই দিয়ে বন বিভাগে। পৰৱৰ্তী সময়তো চামগুৰি আৰক্ষীৰ সহযোগত শালবাৰি খণ্ড বন বিভাগে চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে।