NORTHEAST NOW (Assamese)
অসম

ৰেচকিউৰ উদ্যোগত তলাতল ঘৰ প্ৰাংগণত বৃক্ষৰোপণ অভিনেতা নিপন গোস্বামীৰ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 16, 2019 4:00 pm
IMG-20190515-WA0005

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক তলাতল ঘৰ প্ৰাঙ্গণত আজি বৃক্ষ ৰোপণ কৰে। শিৱসাগৰৰ অন্যতম স্বেচ্চাসেৱী সংগঠন ৰেচকিউৰ উদ্যোগত সংগঠনটোৰ সদস্য সকলক লগত গৈ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে বৃক্ষ ৰোপণ কৰে।

উল্লেখ্য যে শিৱসাগৰৰ একাংশ চফল ডেকা-গাভৰুৱে যোৱা দুটা বছৰৰো অধিক কাল ধৰি ৰক্ত দানৰ পৰা আৰম্ভ কৰি নিৰাশ্ৰয় লোকক আশ্ৰয় দিয়ালৈকে জিলাখনত অনেক প্ৰশংসনীয় কাম কৰি আহিছে।

শিৱসাগৰৰ এখন বিহুত অংশ লবলৈ অহা বুলি জানিব পাৰি ৰেচকিউৰ সদস্য সকলে নিপন গোস্বামীক সাক্ষাত কৰে আৰু মত বিনিময় কৰে। মত বিনিময়ৰ মাজতেই তেওঁ ৰেচকিউৰ কামকাজক ভূয়ংশী প্ৰশংসা কৰে আৰু ৰেচকিউৰ সদস্যৰ অনুৰোধত তলাতল ঘৰ প্ৰাঙ্গণত বৃক্ষ ৰোপণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।

সেই মৰ্মে অভিনেতাগৰাকীয়ে আজি বৃক্ষৰোপন কৰাৰ লগতে ৰেচকিউৰ পদক্ষেপৰ শলাগ লয়।