NORTHEAST NOW (Assamese)
অসম

বিজেপিয়ে অসমৰ পৰা ৰাজ্যসভালৈ পঠিয়াব ৰাম বিলাস পাছোৱানক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2019 10:55 am
RamVilas-1140x570

অসমৰ পৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ ভিতৰত এখন আসনত বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টিৰ নেতা ৰাম বিলাসক বিজয়ী কৰি নিয়াৰ প্ৰস্তুতি চলাইছে।

পূৰ্বতে কংগ্ৰেছে মাতংগ সিং, ড০ মনমোহন সিং আৰু সঞ্জয় সিঙক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ পাছত এইবাৰ বিজেপিয়ে এন ডি এৰ প্ৰাৰ্থী হিচাপে ৰাম বিলাস পাছোৱানক অসমৰ পৰা নিৰ্বাচিত কৰি নিব বিচাৰিছে।

জানিব পৰা মতে বৰ্তমান বিহাৰত থকা পাছোৱানে অহা ১৯ মে’ত নতুন দিল্লীলৈ আহি ২০ মে’ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰিব। উক্ত বৈঠকতে পাছোৱানৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰা হ’ব।

অহা ১৪ জুনত খালী হ’বলগীয়া অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে অহা ৭ জুনত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। বৰ্তমান ৰাজ্যসভাৰ সাংসদ ড০ মনমোহন সিং আৰু শান্তিয়াজ কুজুৰৰ কাৰ্যকাল ১৪ জুনত সমাপ্ত হ’ব। বিধানসভাত প্ৰধান বিৰোধী দল কংগ্ৰেছৰ মাত্ৰ ২৫ খন আসনহে আছে আৰু দলটোৱে নিজাববীয়াকৈ এগৰাকী প্ৰাৰ্থী বিজয়ী কৰাব নোৱাৰে।

সেয়েহে বিজেপিয়ে দুয়োখন আসনতে এনডিএৰ প্ৰাৰ্থী নিৰ্বাচিত কৰাত অসুবিধা নথকাত পাছোৱানক অসমৰ পৰাই নিৰ্বাচিত কৰি নিয়াৰ সিদ্ধান্ত লৈছে।

উল্লেখযোগ্য যে  বিজেপিয়ে এন ডি এৰ অংশীদাৰ বিহাৰৰ লোক জনশক্তি পাৰ্টিৰ সৈতে বিহাৰত লোকসভা নিৰ্বাচনত আসন ভাগ বাটোৱাৰাৰ বুজাবুজিত উপনীত হৈছিল। ৰাজ্যখনৰ ৪০ খনৰ কেৱল ৬খন আসনতে সন্তুষ্ট থকাৰ পুৰস্কাৰ স্বৰূপে দলটোৰ শীৰ্ষ নেতাজনক অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে।

বিহাৰৰ ৰাজনীতিত বিজেপিয়ে নিজৰ স্থিতি দৃঢ় কৰি তোলাৰ লক্ষ্য লৈ পাছোৱানৰ দলৰ সৈতে সম্পৰ্ক মজবুত কৰি ৰখাৰ বাবে এৰা ধৰাৰ ৰাজনীতিত নামি পৰিছে।